অসম

assam

ETV Bharat / state

অসম কৃষি বিশ্ববিদ্য়ালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জুলাই মাহৰ পৰা আৰম্ভ হ'ব যোৰহাট ন-আলি উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য - SUDDEN VISIT

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছাডেন ভিজিটে আশাৰ বতৰা কঢ়িয়াই আনিছে যোৰহাটবাসীলৈ ৷ মন্ত্ৰী গৰাকীৰ নিৰ্দেশ অনুসৰি এমাহৰ পিছতেই আৰম্ভ হ'ব ন-আলি উৰণীয় সেতুৰ নিৰ্মান কাৰ্য ৷ সমান্তৰালকৈ কৃষি ক্ষেত্ৰতো অধিক গুৰুত্ব আৰোপ কৰি আধুনিক পদ্ধতিৰে অধিক উৎপাদনৰ চিন্তা-চৰ্চাৰ কথা ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

অসম কৃষি বিশ্ববিদ্য়ালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জুলাই মাহৰ পৰা আৰম্ভ হ'ব যোৰহাট ন-আলি উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য

By

Published : Jun 17, 2019, 7:35 PM IST

প্ৰায় দুবছৰৰ পূৰ্ৱেই মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল যোৰহাট বাসীৰ বহু আকাংক্ষিত ন-আলি উৰণীয়া সেতুৰ ৷ পিছে দুটা বছৰ উকলি যোৱাৰ পাছতো 67.75 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া উৰণীয়া সেতুখনৰ কামৰ নামত একোৱেই নহ'ল ৷

সোমবাৰে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি হঠাতে উপস্থিত হ'ল ন-আলি উৰণীয়া সেতু নিৰ্মাণ স্থলীত ৷ কিন্তু উৰণীয়া সেতুৰ কামৰ শূণ্য অগ্ৰগতি দেখি খৰ্গহস্ত হৈ পৰে মন্ত্ৰীগৰাকী ৷ গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীক অহা জুলাই মাহৰ পৰা উৰণীয়া সেতু নিৰ্মানৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে

অসম কৃষি বিশ্ববিদ্য়ালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ


ইপিনে একেদিনাই মন্ত্ৰীগৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত উপস্থিত থাকি ক'লে- "ৰাজ্য এখনৰ জি ডি পিলৈ তিনিটা মূলখণ্ডৰ পৰা সঁহাৰি আহে । তাৰ ভিতৰত ছাৰ্ভিছ ছেক্টৰ, মেনোফ্ৰেক্ছাৰীং ছেক্টৰ আৰু এগ্ৰীকালছাৰ ছেক্টৰ । কিন্তু বিগত দহটা বছৰত মাথো ছাৰ্ভিছ ছেক্টৰৰ বাহিৰে আন দুয়োটা ছেক্টৰৰ পৰা পোৱা নাই আশাব্যঞ্জক সঁহাৰি । অসমৰ দৰে কৃষি ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ বাবে কৃষি খণ্ডৰ প্ৰকৃত উন্নয়ন নোহোৱাটো উদ্বেগৰ বিষয় । এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে চিন্তা চৰ্চা কৰাৰ দৰকাৰ আছে । দেশৰ আন-আন ৰাজ্যসমূহৰ দৰে অসমৰ কৃষি খণ্ডত গুৰুত্ব দি খেতি কৰাৰ পদ্ধতি উন্নয়ন কৰিব লাগে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

অসম কৃষি বিশ্ববিদ্য়ালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ

ABOUT THE AUTHOR

...view details