অসম

assam

এসপ্তাহৰ বাবে বন্ধ যোৰহাটৰ নিউভিল ৰোডৰ দৈনিক বজাৰ

By

Published : May 26, 2021, 5:39 PM IST

যোৰহাট জিলাৰ নিউভিল ৰোডৰ বজাৰখনত ক'ভিড বিধি উলংঘনৰ অভিযোগৰ পিছতে কঠোৰ জিলা প্ৰশাসন । এসপ্তাহৰ বাবে তৎকালীনভাৱে বন্ধ কৰি দিয়া হ'ল বজাৰখন ।

DAILY MARKET CLOSED
এসপ্তাহৰ বাবে বন্ধ যোৰহাটৰ নিউভিল ৰোডৰ দৈনিক বজাৰ

যোৰহাট, ২৬ মে':ৰাজ্যত ক'ভিডৰ দ্ৰুত সংক্ৰমণ । ইয়াৰ মাজতে একাংশ স্থানত এতিয়াও ক'ভিড বিধি উলংঘন হৈ আছে । যোৰাহাট জিলাত এখন বজাৰকলৈ শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চা চলিছিল । জিলাখনৰ নিউভিল ৰোডত প্ৰতিদিনে এখন ডাঙৰ বজাৰ বহে । চৰকাৰে বজাৰ বন্ধৰ নিৰ্দেশনা দিয়াৰ পিছতো এই বজাৰ খন চলি আছিল । আনকি শাক-পাচলি, মাছ-মাংস আদিৰ বজাৰখনত নিতৌ যথেষ্ট লোকে ভিৰ কৰি আছিল ।

এসপ্তাহৰ বাবে বন্ধ যোৰহাটৰ নিউভিল ৰোডৰ দৈনিক বজাৰ

কেৱল এয়াই নহয় কোনো সামাজিক দূৰত্ব পালন নকৰি খুচুৰা ব্যৱসায়ীসকলে ব্যৱসায় চলাইছিল । গ্ৰাহকসকলেও উলংঘন কৰিছিল ক'ভিড বিধি । এই খবৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে সৰৱ যোৰহাট জিলা প্ৰশাসন । উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে বিষয়টো গুৰুত্ব সহকাৰে লৈ অৱশেষত ৭ দিনৰ বাবে বন্ধ কৰিলে খুচুৰা বজাৰখন ।

ইফালে এই নিৰ্দেশনাৰ পিছতে বজাৰখন সম্পূৰ্ণ বন্ধ হৈছে যদিও ব্যৱসায়ীসকলে ক্ষোভ প্ৰকাশ কৰিছে । তেওঁলোকে মজুত কৰি থোৱা শাক-পাচলিসমূহ নষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰাৰ লগতে অনাগত দিনত পাচলিৰ নাটনি হোৱাৰ আশংকা কৰিছে ।

লগতে পঢ়ক:পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্যৰ

ABOUT THE AUTHOR

...view details