যোৰহাট, ৩আগষ্ট: ছুপাৰভাইজাৰ আৰু প্ৰমাণীকৰণ দলৰ সদস্যৰ বাবে অৰুণোদয় মাহ ২০২২ৰ প্ৰশিক্ষণ কাৰ্যসূচী বুধবাৰে যোৰহাট জিলাৰ চৰকাৰী বালক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়(Review Of Arunoday Scheme in Jorhat)। যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অৰুণোদয় আঁচনি 2022ৰ পুনৰীক্ষণৰ বাবে এক প্ৰশিক্ষণ সম্পন্ন কৰা হয়(Jorhat DC Ashok Kumar Burman inaugurate training)।
ৰাজ্য চৰকাৰে অসমৰ প্ৰত্যেকখন জিলাতে এই প্ৰশিক্ষণ প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই যোৰহাটত অৰুণোদয় আঁচনিৰ দায়িত্বত থকা ছুপাৰভাইজাৰ আৰু প্ৰমাণীকৰণ দলৰ সদস্য সকলৰ লগতে গাঁও পঞ্চায়ত,ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে যোৰহাট জিলা প্ৰশাসনে ।