যোৰহাট,২২ অক্টোবৰ :অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হৈছে (APSC CCE final result declared)। লগে লগে পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ঘৰত আনন্দমুখৰ পৰিৱেশ । আত্মীয়, চুবুৰীয়া, সংগঠনে ভিৰ কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত । উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ । কিন্তু যোৰহাটৰ এগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত সেই পৰিৱেশ নাই । শোকত ম্ৰিয়মান প্ৰাৰ্থী লগতে প্ৰাৰ্থীৰ পৰিয়াল ।
আমি ক'ব বিচাৰিছো অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৮৭ সংখ্যক স্থান লাভ কৰা যোৰহাটৰ অৰুণাভজ্যোতি বৰুৱাৰ কথা (87th rank of APSC secured by Arunabh Jyoti Baruah)। আচলতে পিতৃ বিয়োগৰ শোকৰ মাজতে এই সুখৰ খবৰটো আহিছে । যাৰ বাবে অৰুণাভজ্যোতি বৰুৱা সুখী যদিও পিতৃৰ বিয়োগৰ বাবে মৰ্মাহত হৈ আছে প্ৰাৰ্থীগৰাকী । শনিবাৰে পিতৃৰ আদ্যশ্ৰাদ্ধ, তাৰ মাজতে পৰীক্ষাৰ ফলাফল লাভ কৰিছে অৰুণাভে । ১০ দিন পূৰ্বে অৰুণাভৰ লগতে পৰিয়ালটোক এৰি গৈছিল পিতৃয়ে । পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ভাল খবৰটোৱে যদিও অৰুণাভৰ লগতে পৰিয়ালটোক আনন্দিত কৰি তুলিছে তথাপিও যেন পিতৃৰ অনুপস্থিতিয়ে ব্যাকুল কৰি তুলিছে অৰুণাভক ।
পিতৃৰ ১১ দিনীয়া সকামৰ দিনাই ভাল খবৰটো লাভ কৰাত দুখৰ মাজতো যেন পৰিয়াল, আত্মীয় স্বজনৰ মাজত অকণমান সুখৰ হাঁহি দেখিবলৈ পোৱা গৈছে । অৱশ্যে তেওঁলোকৰ এটাই দুখ পিতৃয়ে নাপালে পুত্ৰৰ এই সাফল্য তথা সুখৰ বতৰা ।