টীয়ক,২৮ মাৰ্চ :সম্প্ৰতি ভাওনাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Bhaona viral video)। ভাওনা প্ৰদৰ্শনৰ মাজতে এটা দৃশ্যত সুৰাৰ বটল দেখুওৱা হৈছে । এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভাওনাৰ বিশেষ দৃশ্যত সুৰাপান কৰাৰ নামত সুৰাৰ বটল ব্যৱহাৰ কৰাক লৈ বহুতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ভাওনাৰ স্বকীয়তা আৰু মৰ্যাদা হানি হোৱাৰ অভিযোগ তুলি বহুতে সমালোচনা কৰিছে (Wine bottle in Bhaona)। গুৰুজনাৰ অমৰ সৃষ্টিক বিকৃত কৰাৰো অভিযোগ কৰিছে একাংশ লোকে । এনেবোৰ চৰ্চা চলি থকাৰ মাজতে ভাওনাখনৰ ভাৱৰীয়াসকলে ক্ষমা বিচাৰিছে ।
উল্লেখ্য যে এই ঘটনাটো আছিল ২৫ মাৰ্চৰ । যোৰহাট জিলাৰ টীয়কৰ এঘৰত ভাওনা প্ৰদৰ্শন কৰা হৈছিল । ভাওনাখনত সুৰাপানৰ এক দৃশ্য আছিল । কিন্তু সুৰাপানৰ দৃশ্যটোত ভাৱৰীয়াসকলে এটা সুৰাৰ বটল ব্যৱহাৰ কৰিছিল (Wine bottle used in Bhaona)। ভাৱৰীয়াসকলে ভুল স্বীকাৰ কৰি কয় যে তেওঁলোকে সুৰাৰ বটল ব্যৱহাৰ কৰিব নালাগিছিল । অসাৱধানতাৰ বাবে তেওঁলোকে এয়া কৰিলে । কিন্তু প্ৰকৃততে তেওঁলোকে চাহ হে সেৱন কৰিছিল ।