টীয়ক, ২ এপ্ৰিল: এজাক বৰষুণে উদঙালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কামৰ স্বৰূপ । টীয়ক নগৰৰ মাজমজিয়াৰ চাৰ্ভিছ ৰোডত সাগৰ সদৃশ পৰিৱেশ । NHAIDCL ৰ বিষয়া,কাৰিকৰী বিষয়া একাংশৰ চৰম দায়িত্বজ্ঞানহীনতাৰ ফল ভোগ কৰিব লগা হৈছে টীয়ক নগৰ এলেকাৰ বাসিন্দাসকলৰ লগতে ব্যৱসায়ীসকলে (Artificial flood in Teok) । চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কৰা পথৰ কাষৰ নলা, চাৰ্ভিছ পথসমূহ মূল পথতকৈ অতি চাপৰকৈ নিৰ্মাণ কৰাৰ ফলত এজাক বৰষুণতে চাৰ্ভিছ পথৰ ওপৰত পানী জমা হোৱাত অচলাৱস্থাৰ সৃষ্টি হৈছে টীয়ক নগৰত (Poor road condition in Teok)।
উল্লেখযোগ্য যে, ২০১৪ চনতে দুইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ বাবে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল টীয়ক নগৰত । অৱশ্যে তেতিয়াৰে পথ নিৰ্মাণৰ সৈতে জড়িত কোম্পানীসমূহৰ কাম-কাজত ত্ৰুটি প্ৰত্যক্ষ কৰি টীয়কৰ ৰাইজ তথা দল-সংগঠনে বহুবাৰ উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপন কৰি আহিছে । বিশেষকৈ নতুনকৈ পথৰ কাষত যিসমূহ নলা নিৰ্মাণ কৰিছিল সেইসমূহ পূৰ্বৰ পথটোতকৈ ঠায়ে ঠায়ে দুই আঢ়ৈ ফুট পৰ্যন্ত চাপৰকৈ নিৰ্মাণ কৰাত এনে সমস্যাৰ সন্মুখীন হোৱাতো ৰাইজে আশংকা প্ৰকাশ কৰিছিল (Pathetic road condition in Teok) ।