অসম

assam

ETV Bharat / state

কৃত্ৰিম বান ডুবিল উত্তৰ পশ্চিম যোৰহাটৰ বহু অঞ্চল

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ নিৰ্দেশ মতে অঞ্চলটোত ভোগদৈ নদীৰ কাষত থকা ঢেকৰ গড়া অঞ্চলৰ মাথাউৰিটো নিৰ্মাণ কৰা হৈছিল। কিন্তু ঠিকাদাৰে অঞ্চলটোৰ পানী ওলাই যাবৰ বাবে থকা একমাত্ৰ নলাটো মুকলি কৰি নিদিয়াৰ বাবে কৃত্ৰিম বানৰ সষ্টি হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে গাঁৱৰ ৰাইজে।

By

Published : Jun 4, 2020, 4:52 PM IST

Artificial flood in west Jorhat
কৃত্ৰিম বান ডুবিল উত্তৰ পশ্চিম যোৰহাটৰ বহু অঞ্চল

যোৰহাট, 4 জুন : কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ পশ্চিম যোৰহাটৰ ঢেকৰগড়া কমাৰগাঁৱৰ লগতে কৃত্ৰিম বানত ডুবিল বহু অঞ্চল । কৃত্ৰিম বানৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ । বানত ডুব গৈছে কৃষি পথাৰ,শাক পাচলি বাৰী,বাসগৃহৰ লগতে বাট-পথসমূহ ।

কৃত্ৰিম বান ডুবিল উত্তৰ পশ্চিম যোৰহাটৰ বহু অঞ্চল

দৰাচলতে,অসম চৰকাৰৰ জলসম্পদ বিভাগৰ নিৰ্দেশ মতে অঞ্চলটোত ভোগদৈ নদীৰ কাষত থকা ঢেকৰ গড়া অঞ্চলৰ মাথাউৰিটো নিৰ্মাণ কৰা হৈছিল। কিন্তু ঠিকাদাৰে অঞ্চলটোৰ পানী ওলাই যাবৰ বাবে থকা একমাত্ৰ নলাটো মুকলি কৰি নিদিয়াৰ বাবে কৃত্ৰিম বানৰ সষ্টি হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে গাঁৱৰ ৰাইজে।

লগতে পঢ়কঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা
ৰাইজৰ অভিযোগ অনুসৰি বৰষুণৰ ফলত নিৰ্মাণ হোৱা মাথাউৰিৰ মাটি খহি বন্ধ হৈ গ'ল নলাটো । এতিয়া পানী ওলাই যাব নোৱাৰাত ডুব গৈছে অঞ্চলটোৰ বহু লোকৰ ঘৰ । যদিহে অনতিপলমে এই নলাটো খুলি দিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত ঢেকৰগড়া বহু লোকৰ লগতে মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়,ঢেকৰগড়া উন্নয়ন খণ্ড,সৰুচৰাই মৌজাৰ চাউলৰ ভড়াল কৃত্ৰিম বানত ডুব যোৱাটো নিশ্চিত।

লগতে চাওকঃ বিদ্যালয় খোলাৰ বাবে প্ৰধান শিক্ষকৰ বিৰুদ্ধে এজাহাৰ


ABOUT THE AUTHOR

...view details