অসম

assam

By

Published : Jul 8, 2023, 1:56 PM IST

ETV Bharat / state

Artificial flood in Assam: কৃত্ৰিম বানৰ কবলত টীয়ক আৰু লাহোৱালবাসী

কৃত্ৰিম বানত বুৰ গৈছে টীয়ক আৰু লাহোৱালৰ ৰাষ্ট্ৰীয় ঘাইপথ । টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ঘৰৰ সমীপৰ পথচোৱা পৰিণত হৈছে সাগৰলৈ । ইফালে এজাক বৰষুণতে নদীলৈ পৰিণত ডিব্ৰুগড়ৰ লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

Artificial flood in Teok and Lahual
কৃত্ৰিম বানৰ কবলত টীয়ক আৰু লাহোৱালবাসী

কৃত্ৰিম বানৰ কবলত টীয়ক আৰু লাহোৱালবাসী

টীয়ক/লাহোৱাল,৮ জুলাই:অপৰিকল্পিত নিৰ্মাণকাৰ্য আৰু নলাৰ অভাৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভুগিছে দুৰ্ভোগ । কৃত্ৰিম বানত হাহাকাৰ কৰিছে ৰাইজে । কৃত্ৰিম বানৰ কৱলত পৰাৰ ফলত স্থবিৰ হৈ পৰিছে সাধাৰণ ৰাইজৰ জনজীৱন । কৃত্ৰিম বানে বিপদ মাতিছে টীয়কবাসীলৈ । চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ তদাৰকী সংস্থা NHIDCL ৰ অপৰিপক্ক পৰিকল্পনাৰ বাবেই বিগত ন টা বছৰে সম্পূৰ্ণ হৈ উঠা নাই যোৰহাট অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ ।

যাৰ ফলত বাৰিষাৰ আৰম্ভণিতে এতিয়া উক্ত পথচোৱাৰ কেবাটাও অংশত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । টীয়কৰ নগৰৰ মিধাখাট অঞ্চলৰ তথা টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ঘৰৰ সমীপৰ দৃশ্য দেখিলে চকু কঁপালত উঠিব আপোনাৰো । বিগত বছৰবোৰৰ দৰে এইবাৰো পুনৰ বুৰিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটি ।

টীয়ক নদীৰ বাঢ়নী পানীয়ে বুৰালে ৰাষ্ট্ৰীয় ঘাইপথচোৱা । যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি হৈছে উজনি নামনিৰ যাত্ৰীসকলৰ । টীয়ক নগৰৰ ৭ নং ৱাৰ্ড, ৫ নং ৱাৰ্ড, ৮ নং ৱাৰ্ড আৰু ৯ নং ৱাৰ্ড এতিয়া বাঢ়নী পানীৰ কৱলত । নগৰখনৰ বিস্তীৰ্ণ আৱাসিক অঞ্চল এতিয়া কৃত্ৰিম পানীৰ তলত । ৰাষ্ট্ৰীয় ঘাইপথ পানীত বুৰ যোৱাৰ ফলত দুৰ্ঘটনাৰ আশংকাই দেখা দিছে ।

অৱশ্যে টীয়ক আৰক্ষীয়ে উক্ত স্থানত কিছু সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ক্ৰমাৎ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যথেষ্ট অসুবিধাত পৰিছে পঠাচাৰী । ইফালে নগৰৰ আবাসিক অঞ্চলত পানী সোমাই পৰাৰ ফলত এতিয়া নগৰৰ বহুসংখ্যক পৰিয়ালে নিশাৰ আহাৰ আৰু পুৱাৰ আহাৰ হোটেলৰ পৰা ক্ৰয় কৰি আনি খাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইফালে, ডিব্ৰুগড়ৰ লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো বুৰ গৈছে কৃত্ৰিম বানত । এজাক বৰষুণতে ৰাষ্ট্ৰীয় ঘাইপথ পৰিণত হৈ পৰে নদীলৈ । ডিব্ৰুগড় জিলাৰ লাহোৱাল ৰজাখাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যই হঠচকিত কৰি তুলিছে ৰাইজক । ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন এখন বোৱতী নৈ । এইয়া কোনো নৈৰ বাঢ়নি পানীৰ ফলত সৃষ্টি হোৱা বানপানী নহয় ।

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতিৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । এজাক বৰষুণৰ ফলতে লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰায় ১ কিলোমিটাৰ জুৰি সৃষ্টি হৈছে একাঁঠু পানী । ফলত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ । এই ক্ষেত্ৰত কোনো ধৰণৰ কাণসাৰ নিদিয়াৰ অভিযোগ ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিৰুদ্ধে ।

নিৰ্বিকাৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা । যি কাম প্ৰশাসন অথবা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কৰিব নোৱাৰিলে অৱশেষত সেই কাম শনিবাৰে কৰিবলৈ আগবাঢ়ি আহে লাহোৱালৰ এজন সমাজ সেৱক অজয় গগৈ । নিজা প্ৰচেষ্টাৰে জেচিবিৰে খান্দি পানী যোৱাৰ বাবে ব‍্যৱস্থা কৰি দিয়াৰ চেষ্টা চলাই লোকজনে । এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উদ‌য় হয় কেতিয়াকৈ শিক্ষা ল'ব চৰকাৰৰ প্ৰশাসনে ? সেই স্থানৰ বহু অংশত এতিয়া সৃষ্টি হৈ আছে ঠায়ে ঠায়ে বৃহৎ গাঁত । যেতিয়া যাত্ৰী দূৰ্ঘটনাত পতিত হৈ মৃত‍্যু অথবা ঘূণীয়া হ'ব তেতিয়াহে গা লৰিব নেকি ডিব্ৰুগড় জিলা প্ৰশাসন কিম্বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ?

লগতে পঢ়ক:Judo training camp in Biswanath: বিশ্বনাথত জুডো প্ৰশিক্ষণ শিবিৰৰ সামৰণি

ABOUT THE AUTHOR

...view details