অসম

assam

ETV Bharat / state

অব্যাহত আছে সদৌ অসম অস্থায়ী বৈদ্যুতিক কৰ্মী সন্থাৰ প্ৰতিবাদ - সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক/মিটাৰ ৰিডাৰ সন্থাৰ উত্তাল প্ৰতিবাদ

কেবৰ সমান্তৰালকৈ ৰাজ্য়ত চলি আছে সদৌ অসম অস্থায়ী বৈদ্যুতিক কৰ্মী সন্থাৰ প্ৰতিবাদ ৷ বৃহস্পতি বাৰে সোণাপুৰ আৰু টীয়কত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক/মিটাৰ ৰিডাৰ কৰ্মীসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

APDCL workers protest
অব্যাহত আছে সদৌ অসম অস্থায়ী বৈদ্যুতিক কৰ্মী সন্থাৰ প্ৰতিবাদ

By

Published : Dec 6, 2019, 3:50 AM IST

গুৱাহাটী,5 ডিচেম্বৰ:গুৱাহাটী মহানগৰীৰ উপকণ্ঠ সোণাপুৰ স্থিত বৈদ্যুতিক উপমণ্ডলত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক/মিটাৰ ৰিডাৰ আৰু সহায়ক কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ । সমগ্ৰ অসমত অসম শক্তি খণ্ড এপিডিচেল ,এইজিচিএল আৰু এপিজিচিএলত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে ইতিমধ্যে হৈ যোৱা লিখিত পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে ঘোষণা কৰা, প্ৰকাশিত চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত থকা সকলো কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা আদি মুঠ 11 টা দাবী লৈ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ আৰু সহায়ক কৰ্মী সন্থাৰ কৰ্মী সকল বৃহস্পতিবাৰেও সোণাপুৰ উত্তাল প্ৰতিবাদ কৰে । প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদ 7 ডিচেম্বৰলৈ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে । লগতে অস্থায়ী কৰ্মচাৰীৰ দাবী সমূহ পূৰণ নকৰিলে আগন্তুক দিনত ইয়াতকৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয় প্ৰতিবাদকাৰীসকলে ।

সোণাপুৰত অসম শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

ইফালে টীয়কৰবৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখতো বৃহস্পতি বাৰে যোৰহাট চাৰ্কুলৰ অস্থায়ী কৰ্মচাৰীসকলে অসহযোগ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে । আন্দোলনকাৰীসকলে দাবীসমূহ পুৰণ নকৰা পৰ্যন্ত এই আন্দোলন চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰে । উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত চাকৰি নিয়মীয়াকৰণৰ বাবে বিভাগটোৱে এক লিখিত পৰীক্ষা অনুস্থিত কৰিছিল যদিও ৰহস্যজনকভাৱে আজি পৰ্যন্ত ফলাফল ঘোষণা নকৰাত বৰ্তমান অনিশ্চয়তা আৰু শংকাৰ মাজত দিন কটাইছে কৰ্মীসকলে । সেয়ে এইসকল কৰ্মচাৰীৰ ভবিষ্যত সুৰক্ষাৰ বাবে অনতি পলমে চৰকাৰক ইতিবাচক সিদ্ধান্ত ল'বলৈ কঠোৰভাৱে দাবী জনাইছে নহ'লে গুৱাহাটীস্থিত বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্যালয়ত আমৰণ অন্নশন কৰিব বুলি হুংকাৰ প্ৰদান কৰে আন্দোলনকাৰীসকলে ।

লগতে পঢ়ক:চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

ABOUT THE AUTHOR

...view details