অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে এবাৰ ৰাজপথেৰে ডিব্ৰুগড়লৈকে ভ্ৰমণ কৰক: ৰাণা গোস্বামী - বালিজানৰ পথ দুৰ্ঘটনা

Dergaon bus accident: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷ বুজ ল’লে বালিজানৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত স্বাস্থ্যৰ ৷ মুখ্যমন্ত্ৰীক এদিন ডিব্ৰুগড়লৈ ৰাজপথেদি ভ্ৰমণ কৰাৰ আহ্বান ৰাণা গোস্বামীৰ ৷

Dergaon bus accident
Golaghat road accident

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 7:45 PM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰাণা গোস্বামী

যোৰহাট, ৪ জানুৱাৰী: সমগ্ৰ ৰাজ্যকে জোঁকাৰি যোৱা গোলাঘাট জিলাৰ দেৰগাঁও বালিজানৰ পথ দুৰ্ঘটনাত ১২ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে বৰ্তমানেও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ২৪ গৰাকীকৈ আঘাতপ্ৰাপ্ত যাত্ৰী । বুধবাৰে পুৱতি নিশা দুৰ্ঘটনাৰ পাছত আঘাতপ্ৰাপ্তসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পাছৰ পৰা বিভিন্নজনে চিকিৎসাধীনসকলৰ স্বাস্থ্যৰ বুজ লৈছে ।

বৃহস্পতিবাৰে পুৱা ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিচতেই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় ৰাণা গোস্বামী ৷ আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোক আৰু চিকিৎসকৰ সৈতে কথা পাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ বুজ লৈ সাংবাদিকৰ আগত ৰাণা গোস্বামীয়ে কয়, ‘‘কালি পুৱাৰ পথ দুৰ্ঘটনাতো সঁচাকৈয়ে আছিল মৰ্মান্তিক আৰু হৃদয় বিদাৰক । ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনে দুৰ্ঘটনা আৰু কেতিয়াও সংঘটিত নহওক । একেখন ঘৰৰ কেইবাজনকৈও লোকৰ মৃত্যু ঘটিছে । মই সেই পৰিয়াল সমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দুৰ্ঘটনাৰ পাছত ৩০ জনক ভৰ্তি কৰোৱা হৈছিল । চাৰিজনক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ’ল, আৰু দুজনক আজি ৰিলিজ দিয়া হৈছে ।’’

‘‘মই আজি ভৰ্তি হয় থকা সকলোকে লগ কৰি কথা পাতিছো । সকলো কুশলে আছে । মই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সকলো চিকিৎসক, নাৰ্ছ, টেকনিকেল দলক ধন্যবাদ জনাইছোঁ । তেওঁলোকে কালিৰ পৰা অশেষ কষ্ট কৰিছে । আটাইতকৈ ডাঙৰ কথা হৈছে যে, আজিকালি প্ৰায়ে দেখা যায় যে বনভোজ দল বহুতে নিশাই ওলাই আহে । ই কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । তদুপৰি ৰাস্তাৰ দুৰৱস্থাৰ বাবে বহু সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে । হাইৱে’ হওক বা অন্য কিছু বিভাগৰ কামৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দায়িত্বত থাকে, তথাপিও ৰাজ্য চৰকাৰে ৰাইজৰ স্বাৰ্থত ৰাইজৰ সমস্যা সমাধানৰ বাবে কিছু কঠোৰ হ’ব লাগে । অন্যথা বহু পলম হ’ব কাম সম্পূৰ্ণ হোৱাত ।’’ গোস্বামীয়ে লগতে কয় ৷

তেওঁ আৰু কয়, ‘‘ফ’ৰলেনৰ নিৰ্মাণকাৰ্য বহু লেহেমীয়া গতিত আগবাঢ়িছে আৰু ঠিকাদাৰৰ হেমাহিৰ বাবেই কালিৰ ঘটনা ঘটিবলৈ পালে । পথৰ দুৰৱস্থাৰ বাবে বহু দুৰ্ঘটনা উজনি অসমত সংঘটিত হৈ আছে । আমি হয়তো বহু দুৰ্ঘটনাৰ বিষয়ে গম পোৱা নাই । টীয়কৰ পৰা ডিব্ৰুগড়ৰ পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । হাইৱে’ অথৰিটী চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত নহয় । যদিও ই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত তথাপিও ৰাজ্য চৰকাৰৰ দায়িত্ব আছে ইয়াক চোৱাৰ ।’’

মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান জনাই তেওঁ কয়, ‘‘মই আশা কৰিম যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যিহেতু লোকনিৰ্মাণ বিভাগৰো দায়িত্বত আছে, তেওঁ এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি ফ’ৰ লেনৰ কাম সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব । লগতে মই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক অনুৰোধ কৰিম যে, তেওঁ যাতে এবাৰ পথেৰে ডিব্ৰুগড় পৰ্যন্ত ভ্ৰমণ কৰে । কিয়নো তেওঁ প্ৰায়ে আকাশী পথেৰেই যাত্ৰা কৰে, যাৰ বাবে তলৰ পথ সমূহ তেওঁ দেখা নাপায় । মুখ্যমন্ত্ৰীগৰাকীয়ে সেইয়া কৰিলে বিষয়া, ঠিকাদাৰ সকলে দৌৰাদৌৰি কৰি কাম কৰিব । অন্যথা কোনো কাম শীঘ্ৰে সম্পূৰ্ণ হৈ নুঠে । আনহাতে যি সমূহ ঠিকাদাৰক ফ’ৰ লেনৰ কাম দিছে, সেই সকলৰ ওপৰত বিচাৰ কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷’’

লগতে পঢ়ক:দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details