অসম

assam

ETV Bharat / state

Congress AIUDF alliance: কংগ্ৰেছত এ আই ইউ ডি এফৰ কোনো স্থান নাই; ভূপেন বৰা - কৰ্ণাটক নিৰ্বাচন

"অসম প্ৰদেশ কংগ্ৰেছত এ আই ইউ ডি এফৰ কোনো স্থান নাই ৷ এ আই ইউ ডি এফ এটা সম্প্ৰদায়িক দল ৷ সাম্প্ৰদায়িক ৰাজনীতিক অসম কংগ্ৰেছে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে।"- এ আই ইউ ডি এফ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ (APCC President reacts on Congress AIUDF alliance)৷

APCC President reacts on Congress AIUDF alliance
কংগ্ৰেছত এ আই ইউ ডি এফৰ কোনো স্থান নাই

By

Published : May 14, 2023, 5:31 PM IST

Updated : May 14, 2023, 5:41 PM IST

কংগ্ৰেছত এ আই ইউ ডি এফৰ কোনো স্থান নাই

যোৰহাট, 14 মে’ : "এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বই কাক লগ কৰে আৰু কাৰ লগত কথা পাতে প্ৰদেশ কংগ্ৰেছৰ তাত ক’বলগীয়া একো নাই ৷ অসম প্ৰদেশ কংগ্ৰেছত এ আই ইউ ডি এফৰ কোনো স্থান নাই ৷ এ আই ইউ ডি এফ এটা সম্প্ৰদায়িক দল ৷ সাম্প্ৰদায়িক ৰাজনীতিক অসম কংগ্ৰেছে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে।" শনিবাৰে যোৰহাটত এক বিশেষ অনুষ্ঠানত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এ আই ইউ ডি এফ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে (APCC President reacts on Congress AIUDF alliance) ৷

ৰাজ্যজুৰি বিগত বহু দিন ধৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ সন্দৰ্ভত আক্ৰমণ প্ৰত্যাক্ৰমণ আব্যাহত আছে ৷ সুযোগ পালেই ইটোৱে সিটো দলক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

ইফালে কৰ্ণাটকত একক সংখ্যা গৰিষ্ঠতাৰে কংগ্ৰেছে শাসনৰ বাঘজৰী হাতত লোৱাৰ সন্দৰ্ভত সভাপতি বৰাই কয়, "কৰ্ণাটক নিৰ্বাচনটোক বিজেপিয়ে এনেকুৱা এটা ৰূপ দিছিলে যে, কৰ্ণাটকৰ জয় পৰাজয়ে 2024 চনৰ নিৰ্বাচনৰ জয় পৰাজয়ৰ ইংগিত বহন কৰিব (Bhupen Bora Commented on Karnataka Election)৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে বিজেপিয়ে কৈছিল যে কৰ্ণাটকৰ ফলাফলে 2024 চনৰ নিৰ্বাচনৰ আগজাননী (Bhupen Bora slams BJP) ৷ বিজেপিয়ে বজৰংবলীৰ নাম লৈ কৰ্ণাটকত মেৰু বিভাজন কৰি ৰাজনীতি কৰিছিল ৷ পূৰ্বে ৰামৰ নাম লৈ বিজেপি উদ্ধাৰ হয়, এইবাৰ বজৰংবলীৰ আশীৰ্বাদ যদি বিজেপিৰ শিৰত পৰে তেনেহ’লে কংগ্ৰেছৰ পৰিস্থিতি কি হ’ব বুলি আমি অলপ শংকাত আছিলো (Bhupen Bora reacts on 2024 Election) ৷"

বৰাই লগতে কয় যে, বিজেপিয়ে অসমত বিধায়ক কিনা বিচাৰ এখন ৰমৰমীয়া দোকান খুলি ৰাখিছে । সেই দোকান কংগ্ৰেছে বন্ধ কৰিব নোৱাৰে,পাৰিব অসমবাসীয়ে, বৰ্তমান সময়ত বিজেপিয়ে খুলি ৰখা সেই দোকানখনক অসমবাসীয়ে ঘৃণা কৰিবলৈ লৈছে । বিজেপিয়ে অসমৰ দৰে কৰ্ণাটকত খুলি ৰখা দোকান বন্ধ কৰি দেখুৱালে কৰ্ণাটকবাসীয়ে (Congress in Karnataka)।

"অসমত কি পৰিস্থিতি কংগ্ৰেছে নিৰ্বাচন খেলিব সেই দায়িত্ব মোক শীৰ্ষ নেতৃত্বয়ে ইতিমধ্যে অৰ্পণ কৰিছে আৰু ভাৰতবৰ্ষ সকলো ৰাজ্যতেই যদি এ আই ইউ ডি এফে নিৰ্বাচন খেলে তথা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় তাত আমাৰ ক’বলগীয়া একো নাই, কাৰণ এ আই ইউ ডি এফ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ।" এইবাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বত এ আই ইউ ডি এফ দল শৰণাপন্ন হ’লেও অসম কংগ্ৰেছত এ আই ইউ ডি এফ কোনো স্থান নাই বুলি স্পষ্টকৈ প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক:Assam govt in debt : উদং ৰাজ্কোষ! পুনৰ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

Last Updated : May 14, 2023, 5:41 PM IST

ABOUT THE AUTHOR

...view details