যোৰহাট, 19 ফেব্ৰুৱাৰী:যোৰহাট ঐতিহাসিক আৰু ইতিহাসৰ পৃষ্ঠাত স্মৃতি বিজড়িত হৈ থকা চ’ক বজাৰৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । বিশেষ কামৰ বাবে বহিঃৰাজ্যত থকা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী শনিবাৰে বিয়লি ভাগত পোনে পোনে আহি চ’ক বজাৰত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে ৷ তেওঁলোকৰ লগত মত বিনিময় কৰি ক্ষয়ক্ষতি আৰু বিভিন্ন অভাৱ অভিযোগৰ সম্পৰ্কে বুজ লয় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে (Rana Goswami Visits Chowk Bazaar)।
ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, " চৰকাৰে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক অতি শীঘ্ৰেই সংস্থাপন দিব লাগে ৷ ব্যৱসায়ীসকলৰ লগত বহি আলাপ আলোচনা কৰি চৰকাৰে ৰাইজৰ স্বাৰ্থত পৰবৰ্তী সময়ত সিদ্ধান্ত ল’ব ৷ কিন্তু সদ্যহতে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক অস্থায়ীভাৱে সংস্থাপন দিব লাগে ৷ কাৰণ সমাগত ঈদ, ফাকুৱা, বিহুৰ পৰা আদি কৰি বিভিন্ন উৎসৱ আৰু এই ক্ষুদ্ৰ ব্যৱসায়ীসকল উৎসৱ পাৰ্বণৰ ওপৰতেই নিৰ্ভৰশীল ৷ এই কথা আগত ৰাখিয়েই তেওঁলোকক বৰ্তমানৰ কাৰণে অস্থায়ীভাৱে সংস্থাপন দিব লাগে চৰকাৰে ৷"
তেওঁ লগতে কয় যে, এইসকল ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক মানৱীয় দৃষ্টিৰে চাই তেওঁলোকক সহায় কৰাৰ প্ৰয়োজন । দুৰ্যোগ প্ৰশমন বিভাগৰ আইনৰ অধীনত আৰু বিশেষ পেকেজ প্ৰদান কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক দাবী জনায় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে (Rehabilitate shopkeepers of fire hit Jorhat bazaar)। আনহাতে চ’ক বজাৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ নিখুঁত তদন্ত কৰিবলৈও আহ্বান জনায় ৰাণা গোস্বামীয়ে (APCC Executive President Rana Goswami)।