যোৰহাট, 11 ডিচেম্বৰ : নাগৰিকত্ব সংশোধিত আইন 2019 ৰ বাতিলৰ দাবীত আজি ক'লা দিৱস পালন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শাৰী শাৰী ক’লা পতাকা প্ৰদৰ্শন কৰি সদৌ অসম ছাত্র সন্থাই দিল্লী দিছপুৰক সকিয়াই দিয়ে যে কা' অসমীয়া ৰাইজে কেতিয়াও মানি নলয় ।
শুকুবাৰে কা' বাতিলৰ দাবীত সমগ্র ৰাজ্যত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে এই কলা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰি এই আইন বাতিল নকৰা পৰ্যন্ত কা' বিৰেধী প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকা প্ৰদান কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷