যোৰহাট,৩১ ডিচেম্বৰ:যোৰহাটৰ অসম সাহিত্য সভা ভৱনত(Assam Sahitya Sabha) অনুষ্ঠিত কৰা হয় সামাজিক মাধ্যমৰ জনপ্ৰিয় গোট 'মই অসমীয়া' ৰ বাৰ্ষিক অধিৱেশন(Annual Convention of Moi Axomiya in Jorhat) । শুকুৰবাৰে অনুষ্ঠিত এই অধিৱেশনতে উন্মোচন কৰা হয় শিক্ষয়ত্ৰী লক্ষীপ্ৰিয়া বৰাৰ ৰ'দবোৰ যেতিয়া ফুলে কাব্যগ্ৰন্থ আৰু ববিতা বৰুৱাৰ উপন্যাস বোকা ফুলৰ সুগন্ধ । বিশিষ্ট কবি-সাহিত্যিক ড৹ জ্যোতিৰেখা হাজৰিকাই উন্মোচন কৰে লক্ষীপ্ৰিয়া বৰাৰ গ্ৰন্থ ৰ'দবোৰ যেতিয়া ফুলে(Poetry book of several poets released in Jorhat) ।
গ্ৰাম্যজীৱনৰ পৰা সাম্প্ৰতিক বিশ্বায়নিক দিশলৈকে কেইবাটাও ভাৱধাৰাৰে ৰচিত কাব্যগ্ৰন্থখনি উন্মোচন কৰি আনন্দিত বুলি উল্লেখ কৰে অধ্যাপিকাগৰাকীয়ে । ৪১ টা কবিতাৰে সমৃদ্ধ গ্ৰন্থখনিক পাঠক ৰাইজক আদৰি ল'বলৈ আহ্বান জনাই উপস্থিত ব্যক্তিসকলে । আনহাতে মিছামৰাৰ ববিতা বৰুৱাৰ উপন্যাস বোকা ফুলৰ সুগন্ধ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড৹ ৰাতুল চন্দ্ৰ বৰাই(Book Release Program in Jorhat) ।
অসমীয়া গোটৰ দ্বাৰা যোৰহাট জিলা সাহিত্য সভাৰ তিলোত্তমা বৰদলৈ সোঁৱৰণী মঞ্চত অনুষ্ঠিত উক্ত সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট কবি তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জ্যোতিৰেখা হাজৰিকাই কয় যে এইসময়ত অসমীয়া সাহিত্যৰাজী বিশ্বদৰবাৰলৈ নিবলৈ আমি এখন বেনাৰ লৈ আগবাঢ়ি যাব লাগিব ।