অসম

assam

By

Published : Nov 21, 2020, 9:34 PM IST

ETV Bharat / state

যোৰহাটত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী যোৰহাট জিলাত ৷ দীৰ্ঘদিনীয়া দাবী পূৰণৰ লগতে নতুন শিক্ষা নীতিৰ নামত কৰা প্ৰতাৰণাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অংগনবাড়ী কৰ্মী-সহায়িকাৰ ৷

As_jrt_angonbari_employee_protest_for_rights_img_AS10039
যোৰহাটত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

যোৰহাট,21 নৱেম্বৰ :যোৰহাট জিলা অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী ৷ জিলা সমাজ কল্যান বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে ৷ দীৰ্ঘদিনীয়া দাবী পূৰণৰ লগতে নতুন শিক্ষা নীতিৰ নামত কৰা প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যোৰহাট কঁপাই তোলে ৷ অংগনবাড়ী কৰ্মী-সহায়িকা সকলৰ অভিযোগ নতুন শিক্ষা নীতিৰ নামত অংগনবাড়ী কৰ্মচাৰী সকলক গুৰুত্বহীন কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে ৷

যোৰহাটত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

উল্লেখ্য যে, কৰ্মী-সহায়িকা সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, নূন্যতম 18 হাজাৰ টকা দৰমহা প্ৰদান কৰা, এককালীন সাহাৰ্য প্ৰদান কৰি অৱসৰ প্ৰদান কৰা কাৰ্য বন্ধ কৰা আৰু পেঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি কৰ্মী-সহায়িকা সকলে নিৰ্বাচনৰ আগত এই দাবীসমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি

ABOUT THE AUTHOR

...view details