যোৰহাট, ২৪ মে': বাৰে বাৰে প্ৰাপ্যৰ বঞ্চিত অংগনৱাড়ী কৰ্মী-সহায়িকা । বিভিন্ন সময়ত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰি আহিছে যদিও আজিও বিভাগীয় কৰ্তৃপক্ষই যেন কোনো কাণষাৰ দিয়া নাই এই ক্ষেত্ৰত । সেয়ে পুনৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকল নামিল প্ৰতিবাদত ৷ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল যোৰহাট (Anganwadi workers protest in Jorhat) ।
যোৰহাট জিলাৰ সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই বুধবাৰে যোৰহাট জিলাৰ সমাজকল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ । চি আই টি ইউ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণৰ আহ্বান জনায় ।
চৰকাৰী চাকৰিৰ স্বীকৃতি দিয়া মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মজুৰি দিব নোৱাৰালৈকে ন্যূনতম ১০০০০ টকা মাননি দিয়া, সকলো কৰ্মী-সহায়িকাক এককালীন সাহায্য প্ৰদান কৰা, প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰৰ উন্নত আন্তঃগাঁঠনি নিৰ্মাণ কৰা, মিনি কৰ্মীক পূৰ্ণাংগ কৰ্মীৰ মৰ্যাদা দিয়া আদি দাবী সমাধানৰ বাবে আহ্বান জনোৱা চাৰিদিনীয়া কৰ্ম বিৰতিৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰে (Thousands of Anganwadi workers protest in Jorhat) ।