অসম

assam

ETV Bharat / state

অজন্তা নেওগে ভাৰ্চুৱেলী মুকলি কৰলে টীয়কৰ ঔগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ

সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোত মুঠ ১০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰা হৈছে (Model Anganwadi Centres in Assam) ৷ সেই অনুসৰি টীয়কৰ ঔগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog)। অংগনবাড়ী কেন্দ্ৰটোৰ দ্বাৰ উন্মোচন কৰে বিধায়িকা ৰেণুপমা ৰাজখোৱাই ৷

By

Published : Aug 14, 2022, 5:00 PM IST

Model Anganwadi Centres in Assam
মন্ত্ৰী অজন্তা নেওগে ভাৰ্চুৱেলী মুকলি কৰলে টীয়কৰ ঔগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ

টীয়ক, 14 আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক সমষ্টিৰ অন্তৰ্গত ঔগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আজি ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে(Ajanta Neog inaugurates Model Anganwadi Centres) । এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা(Teok MLA Renupoma Rajkhowa)উপস্থিত হৈ ফিটা কাটি কেন্দ্ৰটোৰ দ্বাৰ উন্মোচন কৰে আৰু কেন্দ্ৰটো পৰিদৰ্শন কৰি শিশুসকলৰ লগত আলাপত মিলিত হয় ৷

মন্ত্ৰী অজন্তা নেওগে ভাৰ্চুৱেলী মুকলি কৰলে টীয়কৰ ঔগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ

ইয়াৰ লগতে অসম চৰকাৰে শিশুসকলৰ কায়িক, মানসিক তথা বৌদ্ধিক বিকাশৰ অৰ্থে সমগ্ৰ অসমতে স্থাপন কৰা অত্যাধুনিক সা সুবিধাযুক্ত এই অংগনবাড়ী কেন্দ্ৰসমূহে শিশুসকলক সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ ক্ষেত্ৰত অধিক সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে বিধায়িকা ৰেণুপমা ৰাজখোৱাই ।

উক্ত উদ্বোধনী অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ সদস্য দেৱজিৎ বৰুৱা, কলিয়াপানী মণ্ডলৰ সভাপতি পবিত্ৰ কলিতা, কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোঁচ, অগপৰ যোৰহাট জিলাৰ সম্পাদক দীপেন বুঢ়াগোহাঁই, টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদক দিগন্ত হাজৰিকা, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, চি ডি পি অ' পদ্মজা গগৈ, অভিযন্তা আব্দুল মবিনকে প্ৰমুখ্য কৰি ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

উল্লেখযোগ্য যে টীয়ক সমষ্টিত ইতিমধ্যে ৩৬ টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ(Model Anganwadi Centres at Teok) স্থাপনৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে আৰু তাৰে প্ৰথম পৰ্যায়ত ১১ টা কেন্দ্ৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:লখিমপুৰত দুটা অংগনৱাড়ী কেন্দ্র মুকলি মন্ত্রী যোগেন মহনৰ

ABOUT THE AUTHOR

...view details