যোৰহাটত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ - কৰ্মী সহায়িকা
মাননি নহয় মজুৰী দিয়ক শ্ল'গানৰে যোৰহাটৰ ৰাজপথত প্ৰতিবাদী সমদল শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ । চিটুৰ সহযোগত প্ৰায় শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক প্ৰত্ৰ প্ৰেৰণ

যোৰহাট,10 জুলাই : সমগ্ৰ দেশৰ লগতে যোৰহাটতো অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচী। মাননি নহয় মজুৰী দিয়ক শ্ল'গানৰে যোৰহাটৰ ৰাজপথত প্ৰতিবাদী সমদল শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। যোৰহাটৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ অংগনবাড়ী কৰ্মীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। মাননিৰ পৰিৱৰ্তে মজুৰী দিয়াৰ লগতে নায্যপ্ৰাপ্তিৰ দাবীত জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে । চিটুৰ সহযোগত প্ৰায় শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।