অসম

assam

ETV Bharat / state

কৃতী ছাত্ৰ-ছাত্ৰীৰ বঁটা প্ৰদান অনুষ্ঠান - jorhat news

যোৰহাটত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য, ছাত্ৰ-ছাত্ৰীসকলে গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড এই বস্তুটো এৰিব লাগিব, যদি নেৰে তেতিয়া নহ’ব ! কি প্ৰসংগত এই বক্তব্য আগবঢ়ালে বিধায়কজনে জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

ananda ram baruah award 2023
আনন্দৰাম বৰুৱা বঁটা প্ৰদান

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:14 PM IST

আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

যোৰহাট, 29 নৱেম্বৰ :বুধবাৰে যোৰহাটত শুভাৰম্ভণি কৰা হয় আনন্দৰাম বৰুৱা আঁচনিৰ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখনি সভাৰ ৷ উক্ত সভাত উপস্থিত থাকি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন মন্তব্য আগবঢ়ায় ৷ সভাত অভিভাৱকৰ সৈতে উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত নিজকে ‘গাধা’ বিশেষণেৰে চিনাকি দিয়ে বিধায়কজনে ৷

ৰূপজ্যোতিৰ ভাষ্য অনুসৰি, তেওঁ গাধা ঠিকেই আছিল, কিন্তু তেওঁৰ দক্ষতাও আছিল এ পি এছ চি পাছ কৰাৰ ৷ পিছে বিধিৰ বিপাকত প্ৰেম-প্ৰীতিত পৰি সেই সকলো আশা আধাতে ৰৈ গ’ল ৷ সেয়ে এতিয়া তেওঁ উঠি অহা প্ৰজন্মক কৈছে যে, গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড এই বস্তুটো লাহে লাহে এৰিব লাগিব, গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড যদি নেৰে, তেতিয়া কিন্তু নহ’ব ৷ এ পি এছ চি পৰীক্ষা পাছ কৰিব নোৱাৰাৰ বিৱৰণ এইদৰেই দাঙি ধৰিলে বিধায়কজনে ৷

যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা, নগদ ধন আৰু লেপটপ বিতৰণৰ অনুষ্ঠানটি বুধবাৰে অনুষ্ঠিত হয় ৷ লক্ষ্য আগত ৰাখি সকলোকে দৃঢ় মনোবল লৈ আগবাঢ়ি যাবলৈ কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো যোৰহাট পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ সহস্ৰাধিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ উপস্থিতিত এখনি সভা সম্পন্ন হয় ।

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বতৰাৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিখনৰ অধীনত আজি বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বিত্ত লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে । যোৰহাটৰ ১,১২৭ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি এই বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানটিত উপস্থিত থাকে যোৰহাট জিলাৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে যোৰহাটৰ বহুকেইজন গণ্য-মান্য ব্যক্তি ।

লগতে পঢ়ক : তিনিচুকীয়াত আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান

ABOUT THE AUTHOR

...view details