টীয়ক, 13 জানুৱাৰী : টীয়কৰ ঐতিহাসিক কপাহধৰাৰ এখন বিশেষ বজাৰে দৃষ্টি কাঢ়িছে সকলোৰে ৷ মহিলাই পৰিচালনা কৰা ভোগালী মেলাখনত দেখা গ’ল গ্ৰাহকৰ অভাৱনীয় ভিৰ (Market by women at Teok) ৷ ঐতিহাসিক কপাহধৰাৰ এই বিশেষ বজাৰখনে আকৰ্ষিত কৰিব আপোনোকো । অঞ্চলটোৰ মহিলাসকলে ঘৰতে ভোগৰ সামগ্ৰী প্ৰস্তুত কৰি গঢ়ি তুলিছে বজাৰখন ৷
পিঠা-পনাৰ পৰা আৰম্ভ কৰি সকলো ভোগৰ সামগ্ৰী উপলব্ধ হৈছে বজাৰখনত । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীনস্থ প্ৰায় ১৬ টাকৈ মহিলা আত্মসহায়ক গোটে ভোগৰ উৎসৱ ভোগালীৰ সুস্বাদু খাদ্যসামগ্ৰী যেনে পিঠা, লাড়ু, দৈ, ক্ৰীম, আদি নিজে তৈয়াৰ কৰি বিক্ৰীৰ বাবে বজাৰখনত উলিয়াই দিয়ে ৷ তাৰোপৰি বাৰীৰ শাক-পাচলি, হাঁহ, কুকুৰাও উপলব্ধ হ’ল বজাৰখনত ৷