যোৰহাট, 14 : যোৰহাটৰ গড়মূৰস্থিত শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সম্ভাৱনা AN-32 বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী বায়ুসেনাৰ ৷ বিমানখনৰ লগতে দুৰ্ভগীয়া ১৩গৰাকী সেনা জোৱানক উদ্ধাৰৰ পাচতে আটাইকেইগৰাকীকে গড়মূৰস্থিত শ্মশানতে শেষকৃত্য সম্পন্ন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ইতিমধ্যে যোৰহাট জিলা উপায়ুক্ত ৰৌচনী অপাৰঞ্জী কৰাটিয়ে পৰিদৰ্শন কৰিছে শ্মশানখনৰ লগতে যোৰহাট জিলা প্ৰশাসনে তদাৰক কৰিছে শ্মশানখনৰ ৷
যোৰহাটতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব AN-32 বিমান দুৰ্ঘটনাত নিহতক ! - airforce
বায়ুসেনাৰ দুৰ্ভগীয়া ১৩গৰাকী সেনা জোৱানৰ যোৰহাটতে শেষকৃত্য সম্পন্ন কৰাৰ সম্ভাৱনা ৷ যোৰহাটৰ গড়মূৰস্থিত শ্মশান পৰিদৰ্শন জিলা উপায়ুক্ত ৰৌচনী অপাৰঞ্জী কৰাটিৰ ৷
যোৰহাটতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব AN-32 বিমান দুৰ্ঘটনাত নিহতক !
উল্লেখ্য যে, বিগত 3 জুনত যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ অনুশীলনৰ বাবে উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানখনে আৰু উৰণৰ 35 মিনিট পাচৰ পৰাই সংযোগ বিচ্ছিন্ন হৈ পৰিছিল বিমানখনৰ সৈতে ৷ তাৰ পাচতে বহু অভিযানৰ অন্তত 11 জুনত অৰুণাচলৰ লিপোৰ পৰা 16 কিঃ মিঃ আঁতৰত সন্ধান পোৱা গৈছিল AN-32 ৰ ধ্বংসাৱশেষৰ ৷ পৰৱৰ্তী পৰ্যায়ত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বিমানখনত যোৱা বায়ুসেনাৰ 13 গৰাকী সেনাৰ নিথৰ দেহ ৷