যোৰহাট, ৭ অক্টোবৰ:গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ৷ পাঁচমাহ উকলি যোৱাৰ পাচতো অৱসান ঘটা নাই এই সংৰ্ঘষৰ ৷ মূলত কুকি-মেইটেইৰ মাজৰ সংঘৰ্ষৰ ফলত এতিয়া ৰাজ্যখনত বহু লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ-বাৰী হেৰুৱাই গৃহহাৰা হৈছে সহস্ৰাধিক লোক ৷ সংঘৰ্ষৰ ফলত নিজৰ পৰিচয় পত্ৰও হেৰুৱাবলগীয়া হৈছে এইসকল লোকে ৷ কিন্তু গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত মণিপুৰৰ সাধাৰণ জনতাই বিচাৰেনে এই সংঘৰ্ষ ৷ অশান্তজৰ্জৰ মণিপুৰৰ শেহতীয়াকৈ পৰিচিত দৃশ্যৰ সলনি দেখা গৈছে কুকি আৰু মেইটেই সম্প্ৰীতিৰ এক বিপৰীত দৃশ্য ৷
অৱশ্যে তাৰ কাৰণে তেওঁলোকে বাচি লৈছে ক্ৰীড়াংগন ৷ প্ৰতিৱেশী ৰাজ্য অসমলৈ আহি ফুটবলৰ জৰিয়তে তেওঁলোকে দাঙি ধৰিছে কুকি আৰু মেইটেইৰ ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ নিদৰ্শন ৷ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা এ ডিভিজন ফুটবল প্ৰতিযোগিতাত শান্তিৰ বাৰ্তালৈ খেলপথাৰত নামিছে মণিপুৰৰ কুকি আৰু মেইটে সম্প্ৰদায়ৰ ১৫ গৰাকী যুৱক ৷ বিভিন্ন ক্লাৱৰ হৈ সমিল মিলেৰে ফুটবল খেলিছে তেওঁলোকে । ৰমাকান্ত স্পৰ্টিং ক্লাৱৰ হৈ মণিপুৰৰ সাতজনকৈ খেলুৱৈৱে একেলগে নামিছে খেলপথাৰত ৷ তেওঁলোকৰ এজন কুকি আৰু বাকী ছয়জন মেইটেই সম্প্ৰদায়ৰ । তেওঁলোকে শান্তি, সম্প্ৰীতিৰে একেলগে কেম্পত থাকি-খাই একেলগে একেটা দলৰ হৈ ফুটবল খেলিছে ।