যোৰহাট,৬ জুলাই:চৌদিশে উন্নয়নৰ জয়গান । যোগাযোগৰ সু-ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্যৰ ৰাস্তা-ঘাটসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ । পিছে উন্নয়নৰ নামত খন্দা খালে কালৰূপে ঠিয় দিছে বিভিন্ন স্থানত । আনফালে আকৌ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লৈছে ৰাস্তা-ঘাটে । মুঠৰ ওপৰত চৰম অনিশ্চিয়তাৰ মাজেৰে পাৰ হ'ব লাগে পথচাৰী ।
সৌ সিদিনা গুৱাহাটী মহানগৰীত পথত থকা এটা গাঁতৰ ফলত এগৰাকী মেধাবী ছাত্ৰীৰ মৃত্যুৰ চাঞ্চল্য মাৰ নাযাওতেই, এইবাৰ পথৰ দুৰাৱস্থাৰ বাবে মৃত্যুৰ যন্ত্ৰণাত থকা ৰোগী আনিবলৈ গৈ খালত সোমাল মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্স । যোৰহাটৰ বৃহত্তৰ বালিগাঁৱ ASEB অফিচৰ সন্মুখত জাগৃত নগৰত মৃত্যু ৰে চটফটাই থকা ৰোগী আনিবলৈ গৈ দ-খাৱৈত সোমাল ১০৮ মৃত্যুঞ্জয় সেৱা এম্বুলেন্স ।
বছৰ বছৰ ধৰি বৃহত্তৰ বালিগাঁওবাসী ৰাইজে পথটি নিৰ্মাণৰ বাবে প্ৰশাসন তথা চৰকাৰক বাৰম্বাৰ আহ্বান তথা কাগজে-কলমে দাবী জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত আজি এনেধৰণৰ অঘটন সংঘটিত হোৱা বুলি অভিযোগ উথাপন কৰে স্থানীয় ৰাইজে । উক্ত পথৰ দুৰাৱস্থাৰ বাবে প্ৰসৱৰ বেদনাত চটফটাই থকা মহিলাকো দাঙি পথ পাৰ কৰাব লগা পৰিস্থিতিৰ সময়ে সময়ে সৃষ্টি হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।