টীয়ক, 25 ডিচেম্বৰ : যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে নিৰ্মাণৰত চাৰিলেন যুক্ত পথৰ কাম অতি নিম্ন মানৰ হোৱাৰ অভিযোগ উত্থাপন কৰি টীয়কবাসী ৰাইজে শুকুৰবাৰে টীয়কৰ মা বিবাহ ভৱনত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ, পথ নিৰ্মাণত নিযুক্ত কোম্পানী লিংকন এণ্ড দিগনিতিৰ বিষয়ববীয়া সকলৰ সৈতে এক যৌথ সভা অনুষ্ঠিত কৰি বিষয়া সকলক জৱাবদিহি কৰে ৷
ৰাইজে জনাই যে টীয়ক নগৰৰ মাজৰে নিৰ্মিত পানীৰ নলা বিজ্ঞানসন্মতভাবে নিৰ্মাণ নকৰাৰ ফলত দীৰ্ঘদিন ধৰি ৰাইজে প্ৰতিবাদ কৰি আহিছিল যদিও আজিলৈকে একো সুফল লাভ নকৰিলে । অৱশেষত যৌথ সভাখনতে লাহদৈগড়কে আদি কৰি কেইবা স্থানতো নিৰ্মাণ সম্পূৰ্ণ কৰা পথ মাত্ৰ এমাহৰ ভিতৰতে ভাগি যোৱা, পানী ওলাই যোৱা নলাত বৃহৎ ফাঁট মেলা আৰু গেলা বোকাৰ ওপৰতেই মাটি পেলোৱা আদিৰ দৰে বিভিন্ন অভিযোগ উত্থাপন কৰি ৰাইজে উপস্থিত বিষয়ববীয়াৰ পৰা ইয়াৰ সঠিক উত্তৰ বিচাৰে ৷