যোৰহাট, 31 মাৰ্চ :আকৌ দুৰ্নীতিৰ প্ৰসংগ ৷ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত এইবাৰ যোৰহাটৰ তিতাবৰ বেকাজান গাঁও পঞ্চায়ত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in PMAY scheme) । আনকি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়া নামত পঞ্চায়ত প্ৰতিনিধিয়ে ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ হিতাধিকাৰী আৰু ভুক্তভোগী লোকে ৷
উল্লেখ্য যে, দৰিদ্ৰজনৰ সেৱাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ এখন অভিলাষী আঁচনি হ’ল প্ৰধানমন্ত্ৰী আৱাস যোজনা । কিন্তু উক্ত আঁচনিখনত যোৰহাট জিলা তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান পঞ্চায়ত সংঘটিত হৈছে ব্যাপক দুনীতি আৰু স্বজন তোষণ (Allegations of Corruption in PMAY scheme at Titabor) । বেকাজান পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে দৰিদ্ৰ তথা যোগ্য হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰাৰ বঞ্চিত কৰি তেওঁলোকে বৃহৎ কমিছন অংকত অযোগ্যজনক প্ৰদান কৰিছে এই গৃহ ।
উক্ত গৃহ তালিকাত যোগ্য হিতাধিকাৰীৰ নাম তালিকাত সনিবিষ্ট হৈ থকাৰ পিচতো তেওঁলোকৰ নাম কৰ্তন কৰাৰ হৈছে । কাৰণ এইসকল দৰিদ্ৰ হিতাধিকাৰীয়ে পঞ্চায়ত প্ৰতিনিধিসকলে দাবী কৰাৰ ধন দিয়াত অসমৰ্থ । ৰাইজ ভোটৰ দ্বাৰা নিৰ্বাচিত দুৰ্নীতি পৰায়ন পঞ্চায়ত প্ৰতিনিধিসকল এখোপ ওপৰলৈ গৈ দৰিদ্ৰ হিতাধিকাৰীৰ পকীঘৰ আৰু মাহেলী উপাৰ্জন 10 হাজাৰো অধিক দেখুৱাই তালিকা পৰাৰ নাম কৰ্তন কৰাৰ এক অসৎ পন্থা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক :Corruption in PMAY scheme : বঙাইগাঁৱত টকা দিলেহে পায় PMAY ৰ ঘৰ !