অসম

assam

ETV Bharat / state

শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ নামত বৃহৎ জালিয়াতিৰ অভিযোগ

নিদিৰ্ষ্ট জিলাৰ শিক্ষা বিভাগৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি ৰাজ্যৰ বিভিন্ন জিলাত অধিকাংশ বিদ্যালয়তে হিন্দী বিষয়ৰ শিক্ষকৰ পদটো প্ৰাদেশিকীকৰণ (provincialization)কৰা হৈছে যাৰ ফলত উপযুক্ত তথা বহু জ্যেষ্ঠ শিক্ষক নিযুক্তিৰ পৰা বাদ পৰিবলীয়া হৈছে ।

allegations for post of teacher provincialization
শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ নামত বৃহৎ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ

By

Published : Jun 15, 2021, 4:41 PM IST

টীয়ক, 15 জুন :সৰ্বানন্দ সোণোৱাল (Sarbanda Sonowal)ৰ চৰকাৰে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত অসমৰ বহুসংখ্যক শিক্ষক পদ প্ৰাদেশিকীকৰণ (provincialization) কৰি নিৰ্বাচনৰ কিছু দিন পূৰ্বে দীৰ্ঘদিন বিনা বেতনে শিক্ষকতা কৰা শিক্ষক সমাজক উপহাৰ দিছিল যদিও এই নিযুক্তিত বিশেষকৈ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু গোলাঘাট জিলাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

একেদৰে ২০১৭ চনত অসম চৰকাৰে শিক্ষক পদ প্ৰাদশিকীকৰণ (provincialization)ৰ ক্ষেত্ৰত প্ৰতিখন বিদ্যালয়ত এজন ভাষা শিক্ষক, এজন অংক, বিজ্ঞান আৰু এজন সমাজ বিজ্ঞান বিষয়ৰ শিক্ষকসহ মুঠ তিনিজনকৈ জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তি দিবলৈ নিৰ্দেশনা জাৰি কৰিছিল আৰু এইনিযুক্তি প্ৰক্ৰিয়াত হিন্দী শিক্ষকসকলক আওতালৈ অনা হোৱা নাছিল । কিন্তু নিদিৰ্ষ্ট জিলাৰ শিক্ষা বিভাগৰ এই নিৰ্দেশনাক ভৰিৰে মোহাৰি এই জিলাকেইখনত অধিকাংশ বিদ্যালয়তে হিন্দী বিষয়ৰ শিক্ষকৰ পদটো প্ৰাদেশিকীকৰণ (provincialization) কৰা হৈছে যাৰ ফলত উপযুক্ত তথা বহু জ্যেষ্ঠ শিক্ষক নিযুক্তিৰ পৰা বাদ পৰিবলীয়া হৈছে ।

শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ নামত বৃহৎ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ

লগতে যোৰহাট প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বৰা উপাধিৰ এগৰাকী বিষয়াই একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰে ধনৰ বুজাবুজি কৰি জ্যেষ্ঠতাৰ ভিত্তিত শিক্ষক নিযুক্তি নিদি বহু কনিষ্ঠ শিক্ষকক পদ প্ৰাদেশিকীকৰণ (provincialization) কৰাৰ অনুমোদন দিয়াৰ উপৰি হিন্দী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা বহু শিক্ষকক সহকাৰী শিক্ষক (টিউটৰ) হিচাপে নিযুক্তি প্ৰদান কৰাৰ হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে।

ইপিনে জগদুৱাৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ছেত্ৰী উপাধিৰ বিজ্ঞান শিক্ষক গৰাকী ২০১২ চনতে টেট শিক্ষক হিচাপে মৰিগাঁও জিলাত নিযুক্তি লাভ কৰে যদিও একে গৰাকী শিক্ষককে জগদুৱাৰৰ বিদ্যালয় খনত বিজ্ঞান শিক্ষক হিচাপে পদ প্ৰাদেশিকীকৰণ তালিকাত অন্তৰ্ভুক্ত কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন ৰাইজে । ইতিমধ্যে এনে অনিয়মৰ বিৰুদ্ধে বঞ্চিত একাংশ শিক্ষক আদালতৰ কাষ চাপিছে আৰু লগতে নৱ গঠিত চৰকাৰখনক সমগ্ৰ প্ৰক্ৰিয়াটো পূণৰ:নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে শিক্ষা বিভাগক ।

লগতে পঢ়কঃ পথৰ ওপৰত জাল মাৰি প্ৰতিবাদ ৰঙিয়াৰ ৰাইজৰ

ABOUT THE AUTHOR

...view details