অসম

assam

ETV Bharat / state

Protest at tea estate: চাহ বাগিচাৰ মহিলা শ্ৰমিকক অনৈতিক কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ কৰ্মচাৰীৰ বিৰুদ্ধে - ALLEGATIONS AGAINST TEA GARDEN WORKERS

বাগিচা কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুত্ব অভিযোগ চাহ বাগিচা শ্ৰমিকৰ । চাহ বাগিচা মহিলা শ্ৰমিকক বিভিন্ন প্ৰলোভনেৰে অনৈতিক কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ । শ্ৰমিকৰ উত্তাল প্ৰতিবাদ (Protest at Mariani Tea estate) ৷

Tea estate labour protest
চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

By

Published : Apr 26, 2023, 3:50 PM IST

চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

যোৰহাট, 26 এপ্ৰিল :মৰিয়নি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । মৰিয়নীৰ খেৰমীয়া চাহ বাগিচাৰ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত পলায়ন কৰিবলৈ বাধ্য হয় বাগিচাৰ কৰ্মচাৰী । চাহ বাগিচাৰ কাম বন্ধ কৰি চাহ শ্ৰমিকে ঘেৰাও কৰে খেৰমীয়া বাগিছাৰ মূল কাৰ্যালয় (Keremia division tyroon co ltd) ।

জানিব পৰা মতে, মৰিয়নি খেৰমীয়া বাগিচাখনৰ অঞ্জন ফুকন নামৰ কৰ্মচাৰীজনে বিভিন্ন সময়ত বাগিচাৰ মহিলা শ্ৰমিকক বিভিন্ন প্ৰলোভনেৰে আৰু ভয়-ভাবুকিৰে অনৈতিক কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকে । অভিযোগ অত্থাপন হৈছে অঞ্জন ফুকন নামৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে ৷ আজি বাগিচাৰ শ্ৰমিকসকলে কাৰ্যালয় ঘেৰাও কৰাৰ লগতে ২৪ ঘন্টাৰ ভিতৰত অঞ্জন ফুকন নামৰ কৰ্মচাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলিও দাবী উত্থাপন কৰে (Protest at Mariani Tea estate) ৷

ইয়াৰ পিচতে উত্তপ্ত হৈ পৰে মৰিয়নিৰ খেৰমীয়া চাহ বাগিচা চৌহদ ৷ তাৰপিচতে ঘটনাস্থলীত মৰিয়নী আৰক্ষী প্ৰশাসন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ দুৰ্ভাগ্যজনক বিষয় যে, আজি এশ এবুৰি আৰ্থিক-স্বাস্থ্য সম্বন্ধীয় সমস্যাৰে ভাৰাক্ৰান্ত চাহ শ্ৰমিকসকল । এইসকল শ্ৰমিকক বিভিন্ন প্ৰলোভনেৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে একাংশ বাগিচা কৰ্তৃপক্ষ (Tea estate labour protest in Jorhat)।

উল্লেখ্য যে, অঞ্জন ফুকনৰ বিৰুদ্ধে এই অভিযোগ দীৰ্ঘদিনীয়া । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিচতে ফুকন উপাধিৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে শ্ৰমিকসকল উত্তেজিত হৈ পৰাৰ লগতে বাগিচা কাৰ্যালয় ঘেৰাও কৰে আৰু অঞ্জন ফুকনক চাকৰিৰ পৰা নিলম্বনৰ দাবী তোলে । বাগিচা কৰ্তৃপক্ষই অনতিপলমে লম্পট কৰ্মচাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত নকৰে তেতিয়া হ'লে পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । মৰিয়নীৰ খেৰমীয়া বাগিচা কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক :Government school of Assam: ভাৰাতীয়া শিক্ষকেৰে চলা বিদ্যালয়তে গুণোৎসৱত পালে A+ গ্ৰেড

ABOUT THE AUTHOR

...view details