অসম

assam

ETV Bharat / state

Wrong treatment allegation: ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটৰ নাৰ্চিং হোমত উত্তপ্ত পৰিস্থিতি - যোৰহাটৰ নাৰ্চিং হোম

যোৰহাটৰ নাৰ্চিং হোমত নিশা উত্তপ্ত পৰিস্থিতি । ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ৷ চিকিৎসালয়খনৰ বিৰুদ্ধে ভুক্তভোগীৰ এজাহাৰ দাখিল(Allegation of wrong treament by privet nursing home) ৷

allegation-of-wrong-treament-by-privet-nursing-home-in-jorhat
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটৰ নাৰ্চিং হোমত উত্তপ্ত পৰিস্থিতি

By

Published : Jul 19, 2022, 12:35 PM IST

যোৰহাট, 19 জুলাই : সোমবাৰে যোৰহাটত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনা অনুসৰি, যোৰহাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোম 'নিৰাময় হাস্পতাল'ত এগৰাকী মহিলা গল্ডব্লাডাৰ অপাৰেচনৰ বাবে ভৰ্তি হৈছিল ৷ ভৰ্তি হোৱা মহিলাগৰাকীৰ হৈছে মালৌ আলী মধুবনৰ নিবাসী বিমলা দত্ত বৰুৱা (39) (Allegation of wrong treament by privet nursing home) ৷

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটৰ নাৰ্চিং হোমত উত্তপ্ত পৰিস্থিতি

পৰিয়ালৰ মতে, মহিলাগৰাকীৰ কেৱল গ'ল্ডব্লাডাৰ অপাৰেশ্যনৰ বাবেহে ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু অপাৰেচনৰ পাছত সুস্থ হৈ থকা মহিলাগৰাকী অকস্মাৎ মৃত্যু ঘটাত ব্যক্তিগত নাৰ্ছিং হোমখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ইতিমধ্যে, নাৰ্চিং হোমৰ বিৰুদ্ধে পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত বৰ্তমান চিকিৎসালয়খনৰ কৰ্মচাৰী আৰু চিকিৎসকক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটৰ নাৰ্চিং হোমত উত্তপ্ত পৰিস্থিতি

বিভিন্ন সময়ত যোৰহাটৰ একাংশ নাৰ্চিং হোমত ভুল চিকিৎসা, চিকিৎসাৰ নামত গাফিলতি সংঘটিত হোৱাৰ প্ৰায়েই অভিযোগ উত্থাপিত হৈ আহিছে ৷ বৰ্তমান এই নাৰ্চিং হোমখনৰ বিৰুদ্ধ জিলা প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষনীয় হ'ব ।

লগতে পঢ়ক :Wrong treatment: পুনৰ বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰ

ABOUT THE AUTHOR

...view details