অসম

assam

ETV Bharat / state

Swahid Dayal Das Panika Swajiyojan achoni: মৰিয়নীত বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ - Swahid Dayal Das Panika Swajiyojan achoni

ধন নিদিলে হিতাধিকাৰীয়ে নাপায় সংস্থাপন ৷ মৰিয়নীত বঞ্চিত হিতাধিকাৰী আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন পৰিষদৰ তিতাবৰ মহকুমাৰ অধ্যক্ষ দুলেন নায়কৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Deprived beneficiaries protest in Mariani) ৷

Swahid Dayal Das Panika Swajiyojan Scam allegation
অধক্ষ্যৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ হিতাধিকাৰীৰ

By

Published : Apr 20, 2023, 9:46 PM IST

অধক্ষ্যৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ হিতাধিকাৰীৰ

মৰিয়নী, 20 এপ্ৰিল : শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁ‌চনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in Swahid Dayal Das Panika Swajiyojan achoni)। বৃহস্পতিবাৰে আদিবাসী ছাত্ৰ সন্থা মৰিয়নী শাখাৰ উদ্যোগত শতাধিক বঞ্চিত হিতাধিকাৰী আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন পৰিষদৰ তিতাবৰ মহকুমাৰ অধ্যক্ষ দুলেন নায়কৰ বাসগৃহ ঘেৰাও কৰে (Deprived beneficiaries protest in Mariani) ৷

উল্লেখ্য যে, অসম চৰকাৰে চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰিছিল (Swahid Dayal Das Panika Swajiyojan Achoni)। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীক ২৫,০০০ কৈ টকা দিয়া হয় । কিন্তু মৰিয়নী সমষ্টিত এই আঁচনি ৰূপায়নৰ নামত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে ।

হিতাধিকাৰী বাচনিৰ নামত ২০০০ টকাকৈ আগধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই কেলেংকাৰীত একাংশ বিজেপি নেতা কৰ্মীৰ নাম সাঙোৰ খাইছে (Corruption in Swahid Dayal Das Panika Swajiyojan) ৷ ইফালে ধন নিদিয়াৰ বাবেই যোগ্য হৈও আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম সন্নিৱিষ্ট নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Swahid Dayal Das Panika Swajiyojan Scam allegation)।

লগতে পঢ়ক:Heavy hailstorm in Dhemaji: ধুমুহাই উৰুৱাই নিলে আপোন পজাটি; দুৰ্ভগীয়াৰ হাহাকাৰ

এই কেলেংকাৰী আৰু অনিয়মত জড়িত নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীসকলে (beneficiaries protest in Mariani) । ইফালে এই দুৰ্নীতিৰ সন্দৰ্ভত হিতাধিকাৰীসকলে এই সন্দৰ্ভত অধ্যক্ষ দুলেন নায়কক অৱগত কৰোৱাৰ পিচতো কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হিতাধিকাৰীসকলে অধ্যক্ষগৰাকীৰ বাসগৃহ ঘেৰাও কৰিবলৈ বাধ্য হয় বুলি মন্তব্য প্ৰকাশ কৰে (Swahid Dayal Das Panika Swajiyojan Scam allegation) ।

যিসময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ কথা কৈছে তেনে সময়তে এতিয়া স্বনিয়োজন আঁচনিত বিজেপিৰ একাংশ নেতা এই ধৰণৰ কেলেংকাৰীত জড়িত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (BJP leader on Swajiyojan Scam) ।

For All Latest Updates

ABOUT THE AUTHOR

...view details