টীয়ক,17 জুলাই : যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ মূলতঃ ৰাষ্ট্ৰীয় ঘাইপথটোৰ সম্প্ৰসাৰণৰ দায়িত্ব লাভ কৰা জিডিচিল(GDCL) নামৰ নিৰ্মাণ সংস্থাটোৰ পৰা উপ-ঠিকা লাভ কৰা লিংকন এণ্ড ডিগনিটি(linkan and dignity), ছান মায়া কনচট্ৰাকচন(sun maya construction) নামৰ নিৰ্মাণ সংস্থা দুটাই কৰা নিম্নমানৰ কামৰ বাবেই পথটো নিৰ্মাণৰ ছটা মাহ নৌহওঁতেই সমগ্ৰ পথচোৱা বিধ্বস্ত হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় একাংশ সচেতন লোকে ৷ লগতে পথটো নিৰ্মাণৰ নামত কোনোধৰণৰ বিসংগতি বা বুজাপৰা সহ্য কৰা নহ’ব বুলি সকীয়াই দিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, নিম্নমানৰ মাটি ব্যৱহাৰ কৰাৰ উপৰিও বোকা, মেটেকাৰ ওপৰতে মাটি পেলাই পথটো সম্প্ৰসাৰণ কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ ইয়াৰ উপৰিও DSB, WMB, DSB আৰু BC-ৰ প্ৰলেপ নিদিষ্ট পৰিমাণে দিব লাগে যদিও এনে নকৰাৰ বাবেই পথটোৰ বিভিন্ন স্থানত দ গাঁতৰ সৃষ্টি হৈছে ৷ এই নিম্নমানৰ কামৰ বিৰুদ্ধে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজে পথ নিৰ্মাণৰ তদাৰকী সংস্থা NHIDCL ৰ বিষয়াসকলক বহুবাৰ অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷