মৰিয়নি,১৮ এপ্ৰিল :যোৰহাটৰ মৰিয়নিত শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়নত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে (Swahid Dayal Das Panika Swajiyojan Achoni)। বিজেপি নেতাৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছে এই কেলেংকাৰী । টকা দিলেহে আঁচনিৰ সুফল লাভ কৰিব পাৰে হিতাধিকাৰীয়ে । আনকি দুই হাজাৰ টকা নিদিয়াৰ বাবে হিতাধিকাৰীক আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে, অসম চৰকাৰে চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰিছিল । এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীক ২৫,০০০ কৈ টকা দিয়া হয় । কিন্তু মৰিয়নি সমষ্টিৰ কঠালগুৰি পঞ্চায়তৰ অন্তৰ্গত বাগিচাত এই আঁচনি ৰূপায়ণৰ নামত অনিয়ম হোৱাৰ অভিযোগ উঠিছে (Corruption in Swahid Dayal Das Panika Swajiyojan)।
প্ৰাৰ্থী বাছনিৰ দায়িত্বত থকা মহেশ পুৰাণ নামৰ বিজেপি নেতাজনক ২০০০ টকা নিদিয়াৰ বাবেই আঁচনিৰ সুবিধা লাভ নকৰাৰ অভিযোগ উঠিছে । ইফালে মহেশ পুৰাণে ২০০০ টকা বিচৰাৰ বিষয়ে বিভাগীয় দায়িত্বত থকা অধ্যক্ষ দুলেন নায়কক জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে বঞ্চিত যুৱকে (Deprived beneficiaries protest in Mariani) ।