যোৰহাট, 9 নৱেম্বৰ: যোৰহাটৰ এটা ডিপোৰ বিৰুদ্ধে পেট্ৰ’ল ভেজালকৰণৰ অভিযোগ আনিছে দুজন যুৱকে (Allegation of duplicacy in petrol pump) ৷ যোৰহাটৰ ভাস্কৰ ফুৱেল পেট্ৰ’ল ডিপো কৰ্তৃপক্ষই এই ঘটনা ভিত্তিহীন বুলি মত প্ৰকাশ কৰিছে ৷ লগতে যুৱকদ্বয়ে অন্য তেল ডিপোত তেল ভৰাই ভাস্কৰ ডিপোৰ তেল বুলি মিছা অপবাদ অনাৰ প্ৰতিঅভিযোগ আনিছে কৰ্তৃপক্ষই ৷
যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ ভাস্কৰ ফুৱেল পেট্ৰ’ল পাম্পৰ বিৰুদ্ধে তেল ভেজালকৰণৰ গুৰত্ব অভিযোগ উত্থাপন কৰিছে দুজন যুৱকে (Duplicate fuel in Jorhat petrol pump)। উক্ত যুৱকদুজনে অজন্তা বাইপাছ আৰু জিৰণি হোটেলৰ সমীপত থকা ভাস্কৰৰ ফুৱেল পেট্ৰল পাম্পত পৰ্যাপ্ত পৰিমানৰ তেল ভৰাই গন্তব্য স্থানলৈ যাত্ৰা কৰিছিল ৷ তেওঁলোকে যাত্ৰা কৰাৰ বাহনখন ১ কিলোমিটাৰ মান যোৱাৰ পাচতে বিকল হৈ পৰে ।
নতুনকৈ ক্ৰয় কৰা গাড়ীখনত পৰ্যাপ্ত তেল থকাৰ পিছতো বাৰে বাৰে বন্ধ হৈ যোৱাত তেওঁলোকে এজন মেকানিকৰ সৈতে যোগাযোগ কৰি বাহনখন বিকল হোৱাৰ স্থানলৈ লৈ আনে । মেকানিককজনে বাহনখন ভেজাল তেলৰ বাবে বন্ধ হৈছে বুলি কয় আৰু এই অভিযোগ উত্থাপন কৰে উক্ত যুৱকদ্বয়ে ।