টীয়ক, ৩০ আগষ্ট :ৰাজ্য়ত অবাধেচলি আছে গৰুৰ চোৰাং বেহা । এই বেহাৰে বিভিন্ন সংগঠনৰ নেতা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতেইঅবৈধ গৰু বেহাৰে জড়িত কাকজানৰ যুৱক আৰু আমছু খিলঞ্জীয়া নামৰ সংগঠনটোৰ নেতাৰ মাজত হোৱা কথোপকথনৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে টীয়কৰ বিভিন্ন সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত ঘটনা সন্দৰ্ভত অন্যান্য দল সংগঠনৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টীয়ক আঞ্চলিক ছাত্র সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিয়ে ।
টীয়ক আঞ্চলিক ছাত্র সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাইৰেল ভিডিঅই প্ৰশাসনৰ দুৰ্বল স্থিতিৰ বাবেই যে দিনে নিশাই টীয়কৰ কাকজান, মুদৈজান, দ-গাঁও, জাঁজীমুখ, চিন্তামণিগড়ৰৰ পৰা গৰুৰ অবৈধ বেহা নিতৌ চলি আছে তাৰ প্ৰমাণ কৰিছে । সংগঠন চলাবলৈ টকা তুলিছে অবৈধ গৰু ব্যৱসায়ী পৰা আমছু নামৰ সংগঠনৰ নেতাই । এই বিষয়টো ভিডিঅ'ত স্পষ্ট ভাৱে প্ৰকাশ পাইছে ।