শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত কৰা তীব্ৰ প্ৰতিবাদ টীয়ক, 22 নৱেম্বৰ :নিয়মীয়াকৰণৰ ঠাইত চৰকাৰে তেওঁলোকলৈ আগবঢ়াইছে নতুন নিযুক্তি ! এই কথাত একেষাৰেই অমান্তি প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷ পূৰ্বৰ প্ৰক্ৰিয়াৰেই সকলো চলি থাকিবলৈ দি মাথো তেওঁলোকৰ বেতন সুৰক্ষা কৰি চাকৰি নিয়মীয়া কৰাৰ দাবী তুলিছে টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷
টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি কোনো চৰ্ত নোহোৱাকৈ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত টীয়কত বুধবাৰে প্ৰতিবাদত নামিল টেট উত্তীৰ্ণ শিক্ষক সমাজ ৷ চৰকাৰে শেহতীয়াকৈ এঘাৰ বছৰ ধৰি কৰ্মৰত শিক্ষকসকলক নতুন দৰমহাৰে নতুন নিযুক্তি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ তাৰেই বিৰোধিতাৰে সমগ্ৰ অসমৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আজি নাৰ্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ।
এয়া টীয়কৰ পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে টীয়কৰ কলিয়াপানীস্থিত শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত কৰা তীব্ৰ প্ৰতিবাদৰ দৃশ্য । উল্লেখযোগ্য যে চৰকাৰে ঘোষণা কৰা মতে টেট শিক্ষকসকলক নতুন নিযুক্তিৰ আওঁতালৈ আনিলে বিগত সুদীৰ্ঘ ১১ টা বছৰে তেওঁলোকে আগবঢ়োৱা শিক্ষা সেৱাৰ সমান্তৰালকৈ তেওঁলোকৰ পাৰিতোষিক, জ্যেষ্ঠতাকে ধৰি বিভিন্ন দিশত অসুবিধাৰ সৃষ্টি হ’ব ৷ ইয়াৰে লগতে দৰমহাৰ ক্ষেত্ৰতো বহু সমস্যাত পৰিব শিক্ষকসকল । সেয়ে পূৰ্বৰ পৰা চলি থকা ধৰণেই এইসকল শিক্ষকক সকলো সা-সুবিধা প্ৰদানৰ লগতে বেতন সুৰক্ষিত কৰিবলৈ এইদৰে শ শ শিক্ষকে একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিবেচনা কৰি শিক্ষক সমাজক সুৰক্ষিত কৰিবলৈ কাতৰ আহ্বান জনাইছে টেট উত্তীৰ্ণ শিক্ষক সমাজে । উক্ত কাৰ্যসূচীত পূব যোৰহাট শিক্ষাখণ্ডৰ সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি দীপক কলিতা, সম্পাদিকা বিভা শইকীয়া, জিলাৰ উপ-সভাপতি বলীন নেওগ, জিলাৰ সাংগঠনিক সম্পাদিকা মানসী নেওগ, মধ্য ইংৰাজী শিক্ষক সন্থা যোৰহাট জিলাৰ সম্পাদক হেমন্ত বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক :জোনাইত টেট উৰ্ত্তীণ শিক্ষক সন্থাৰ দুঘন্টীয়া ধৰ্ণা