অসম

assam

ETV Bharat / state

Akhil Gogoi health update: অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নামঘৰত মাতৃৰ প্ৰাৰ্থনা - Akhil Gogoi shifted to Bengaluru

হৃদযন্ত্রৰ এক ৰোগত আক্ৰান্ত হোৱা অখিল গগৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (MLA Akhil Gogoi hospitalized)। উন্নত চিকিৎসাৰ বাবে মঙলবাৰে বিয়লি বিধায়কগৰাকীক লৈ যোৱা হয় বেংগালুৰুলৈ(Akhil Gogoi shifted to Bengaluru)। বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰি বিধায়কগৰাকীৰ মাতৃয়ে আঠু ললে নামঘৰত(Pray for Akhil Gogoi health recovery) ।

akhil gogoi mother prays for betterment of akhil health
অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নামঘৰত মাতৃৰ প্ৰাৰ্থনা

By

Published : Nov 2, 2022, 4:59 PM IST

মৰিয়নি,২ নৱেম্বৰ:শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ উন্নত চিকিৎসাৰ বাবে বেংগালুৰুৰ নাৰায়না হৃদয়ালয়লৈ যোৱাৰ সময়তে মঙলবাৰে সন্ধ্যা বিধায়কগৰাকীৰ গৃহ গাঁও মৰিয়নি চেলেংহাট লুখুৰাখনৰ নামঘৰত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰাৰ হয় । অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নামঘৰত লুখুৰাখন গাঁওবাসীয়ে সমুহীয়াভাৱে প্ৰাৰ্থনা জনোৱাৰ লগতে ভাগৱত পাঠো কৰোৱায়(Pray for Akhil Gogoi health recovery) ।

অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নামঘৰত মাতৃৰ প্ৰাৰ্থনা

অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে পুত্ৰৰ আশু আৰোগ্য কামনাৰে নামঘৰত সেৱা জনায় । অনুষ্ঠানটোত গাঁওবাসীৰ লগতে ৰাইজৰ দলৰ সদস্য আৰু ইছলাম ধৰ্ম্বালম্বী লোকসকলেও সহযোগিতা আগবঢ়ায় । চিকিৎসকে জনোৱা মতে ছুপ্ৰা ভেণ্টিকুলাৰ টিকিকার্ডিয়া ৰোগত আক্রান্ত বিধায়কগৰাকীক জৰুৰীৰ ভাৱে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন । সেয়েহে পৰিয়াল, শুভাকাংখী আৰু দলৰ লোকসকলে উন্নত চিকিৎসাৰ বাবে লৈ যায় বাংগালুৰুলৈ । সেয়ে অখিল গগৈৰ আশু আৰোগ্য কামনাৰে মাতৃ প্ৰিয়দা গগৈৰ দৰে অখিল গগৈৰ শুভাকাংখী আৰু তেওঁ অনুৰাগী সকলে ভিন্ন প্ৰান্তত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।

উল্লেখ্য যে হৃদযন্ত্ৰৰ ছুপ্ৰা ভেণ্টিকুলাৰ টিকিকার্ডিয়া ৰোগত আক্ৰান্ত হৈছে কৃষক নেতা অখিল গগৈ । ইয়াৰ বাবে প্ৰয়োজন হ'ব অস্ত্ৰোপচাৰৰ । হৃদযন্ত্ৰৰ এই অস্ত্রোপচাৰৰ বাবে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মঙলবাৰে যাত্ৰা কৰে বেংগালুৰুলৈ (MLA Akhil Gogoi shifted to Bengaluru)। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা গ্রহণ কৰা অখিল গগৈৰ হৃদযন্ত্ৰৰ উক্ত ৰোগৰ অস্ত্রোপচাৰ অসমত সম্ভৱ নোহোৱাৰ বাবেই বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত সম্পন্ন কৰাৰ বাবে পৰামৰ্শ দিছিল চিকিৎসকে ।

চিকিৎসকৰ পৰামৰ্শ মানি বেংগালুৰুত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত গ্রহণ কৰিছিল বিধায়ক গগৈয়ে (Akhil Gogoi health update)। সোমবাৰে জি এম চি এইচৰ পৰা অব্যাহতি দিয়া হয় অখিল গগৈক । আৰু মঙলবাৰে বিয়লি বেংগালুৰুলৈ ৰাওনা হ'ব অখিল গগৈয়ে । উল্লেখ যে, বিধায়ক অখিল গগৈয়ে চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যাবলগীয়া হোৱা কাৰ্যই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপটোক লৈ বিশেষ চৰ্চা হৈছে ।

ৰাজ্যত বিশাল বিশাল বিল্ডিং নির্মাণেৰে এখনৰ পাছত এখনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰা হৈছে যদিও হৃদযন্ত্ৰৰ এটা অস্ত্ৰোপচাৰ সম্ভৱ নোহোৱাত স্বাস্থ্যখণ্ডৰ উন্নয়নক লৈ প্রশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক:Nalbari Wine Shop Controversy : নতুন সুৰাৰ বিপণী মুকলিক লৈ বিৰোধিতা বিভিন্ন সংগঠনৰ

ABOUT THE AUTHOR

...view details