যোৰহাট, ২৬ জুন: শুকুৰবাৰে নিশা গুৱাহাটীত পত্নী-পুত্ৰৰ সৈতে সময় কটোৱাৰ পিছত শনিবাৰে মাতৃ প্ৰিয়দা গগৈৰ কাষত উপস্থিত হ'ল অখিল গগৈ(AKHIL GOGOI) । ফুলাম গামোচা, গাঁওবাসী, সমৰ্থকৰ মৰমেৰে আদৰি নিয়া হ'ল শিৱসাগৰৰ সমষ্টিৰ বিধায়কগৰাকীক । সকলোৰে মনত সীমাহীন আনন্দ । ক্ষন্তেকৰ বাবে হ'লেও প্ৰিয় নেতাজন কাৰাগাৰৰ পৰা ওলাইছে ।
যোৰহাটৰ চেলেংহাটৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশ । স্ব-গৃহত উপস্থিত হৈয়ে মাতৃ প্ৰিয়দা গগৈক সাৱটি ধৰিলে কৃষক নেতা অখিল গগৈয়ে । ৰোমন্থন কৰিলে পুৰণি দিনৰ স্মৃতি । মৰমৰ পুত্ৰলৈ মাতৃয়ে যতনেৰে যি ৰান্ধিছে, সেয়া তৃপ্তিৰে খাবলৈ হেঁপাহ কৃষক নেতা তথা বৰ্তমানৰ শিৱসাগৰৰ বিধায়কগৰাকীৰ ।
আনহাতে, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এনেদৰে প্ৰথমবাৰৰ বাবে আপোন ঘৰখনত উপস্থিত হৈছে অখিল গগৈ । সমৰ্থকৰ মাজতো পাৰভঙা উছাহ । কি খুৱাব, কি কৰিব তাকে লৈ চলি থকা জল্পনা-কল্পনাৰ ওৰ পৰিল ।