টীয়ক, 26 জুন :NIA আদালতে মাত্ৰ 48 ঘন্টাৰ বাবে কৃষক নেতা অখিল গগৈক আত্মীয় স্বজনক লগ কৰাৰ অনুমতি দিছিল । শুকুৰবাৰে গুৱাহাটীস্থিত গৃহত পুত্ৰ-পত্নীৰ সৈতে নৈশ যাপন কৰি শনিবাৰে যোৰহাট জিলাৰ চেলেংহাটৰ স্ব-গৃহত উপস্থিত হয় অখিল গগৈ ৷ প্ৰায় ডেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈয়ে মাতৃক কাষত পাই আবেগিক হৈ পৰে ৷
দিনৰ প্ৰায় ১২ বজাত গুৱাহাটীৰ পৰা আহি মৰিয়নিৰ সমষ্টিৰ লুখুৰাখন গাঁৱত উপস্থিত হয় অখিল গগৈ । দুবছৰৰ মূৰত স্ব-গৃহত উপস্থিত হৈয়ে আবেগিক হৈ পৰে অখিল গগৈ । মাতৃ আৰু গাঁৱৰ আত্মীয় স্বজনক কাষত লৈ অখিল গগৈয়ে বিধায়কৰূপে দৰিদ্ৰজনৰ বাবে সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইফালে মাতৃৰ হাতেৰে ৰন্ধা এসাঁজ তৃপ্তিৰে খাবলৈ অলেখ হেঁপাহ লৈ নিজ গৃহলৈ অহাৰ কথা সাংবাদিকক আগত অৱগত কৰে অখিল গগৈয়ে ।
শিৱসাগৰক বিশ্ব আগশাৰী পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব তদুপৰি মাতৃৰ বুকুত মূৰ থৈ মাতৃৰ সহযোগিতাৰ বাবে শিৱসাগৰবাসীয়ে মৰমেৰে আঁকোৱালি লোৱাৰ কথা স্বীকাৰ কৰে অখিল গগৈয়ে । শিৱসাগৰ সমষ্টিক বিশ্ব পৰ্যটক ক্ষেত্ৰলৈ লৈ যোৱাৰ লগতে মৰিয়নি সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত কাম কৰাৰ পৰিকল্পনা লৈ অতি শীঘ্ৰেই মুকলি অকাশৰ তলত আহিব বুলি আশ্বাস দিয়ে অখিল গগৈয়ে ।
ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়, নিজ ভাতৃৰূপে গণ্য কৰি অহা ৰূপজ্যোতিয়ে বিজেপি দলত যোগদান কৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল । ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি গমন কৰি এক ভুল সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য প্ৰকাশ কৰে কাৰাৰুদ্ধ কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ নৱ নিৰ্মিত চাৰিলেনযুক্ত পথৰ ওপৰত টোল গেট আৰু পথ নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা বুলি অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে ৷ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বিষয়টো তদন্তৰ বাবে চিবিআইক দিব লাগে বুলি দাবী কৰে অখিল গগৈয়ে ৷
লগতে পঢ়ক: হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল