অসম

assam

ETV Bharat / state

যোৰহাট অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ খাদ্য বিতৰণ - যোৰহাট অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ খাদ্য বিতৰণ

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন যোৰহাট শাখাই যোৰহাটৰ বিভিন্ন গাঁৱত গৈ বিতৰণ কৰে বিভিন্ন খাদ্য় সামগ্ৰী ৷

akhil bharatiya marwari sanmilan jorhat distributed food to needy people
যোৰহাট অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ খাদ্য বিতৰণ

By

Published : Apr 9, 2020, 7:57 PM IST

যোৰহাট,9 এপ্ৰিলঃ মানৱতাৰ ওপৰত প্ৰতিষ্ঠা হোৱা অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন যোৰহাট শাখাই যোৰহাটৰ বিভিন্ন গাঁৱত দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ এই সন্মিলনৰ সভানেত্ৰী প্ৰতিমা ভডেচ, সম্পাদিকা অনিতা আগৰৱাল সমন্বিতে যোৰহাট নগৰৰ উপকন্ঠ অঞ্চল চিনামৰা,লিছুবাৰি,ফাচী আলি মথাউৰিৰ প্ৰায় ১১০ টা পৰিয়ালৰ মাজত চাউল ৫ কেজি ,আটা ২ কেজি,আলু ২কিলো, ১লিটাৰ মিঠাতেল ,১কিলো নিমখ বিতৰণ কৰি দাঙি ধৰিছে মানৱীয়তাৰ নিদৰ্শন ৷ এই কাৰ্য সম্পন্ন কৰিবলৈ যাওঁতে সভানেত্ৰী সম্পাদিকাৰ সমন্বিতে সন্মিলনৰ সকলো সদস্যই সহায় সহযোগ আগবঢ়ায় ৷

যোৰহাট অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ খাদ্য বিতৰণ
যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়া ৰৌচানী অপৰাঞ্জি ক'ৰাটি আৰু অতিৰিক্ত উপায়ুক্ত বিশ্বজিত ফুকনে তেওঁলোকক আন্তৰিকতাৰে কৰা সহায় সহযোগৰ শলাগ লোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণত সক্ৰিয় অংশগ্ৰহণ কৰা ৰাকেশ ভৰেচকো সন্মিলনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

For All Latest Updates

ABOUT THE AUTHOR

...view details