যোৰহাট, 8 ডিচেম্বৰ :নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত 4 ডিচেম্বৰত সংঘটিত হোৱা ভাৰতীয় সেনাৰ নৃশংস হত্যাকাণ্ড(Ambush in Nagaland)ৰ বিৰোধীতা কৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Protest for demanding cancellation of AFSPA) ৷ সেই অনুসৰি বুধবাৰে যোৰহাট জিলাতো আফস্পা প্ৰত্যাহাৰৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
প্ৰতিবাদত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় বিত্তীয় সম্পাদক শিৱ কলিতাই কয়, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নাগালেণ্ডৰ অ'টিং বস্তিত নিৰীহ নগা লোকৰ ওপৰত যি হত্যাকাণ্ড সংঘটিত কৰিলে সেই ঘটনা একবাৰে নিন্দনীয় ৷ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয় বিশেষ ক্ষমতা আইনৰ বাবে আজি উত্তৰ-পূৱৰ ৰাইজে জীয়াই থকা অধিকাৰ হেৰুৱাব লগা হৈছে ৷ সন্ত্ৰাস দমনৰ দোহাই দি নিৰীহ জনতাৰ ওপৰত ভাৰতীয়া সেনাৰ বৰ্বৰ আক্ৰমণে আজি নিৰাপত্তাহীন কৰি তুলিছে উত্তৰ-পূৱৰ ৰাইজক ৷