যোৰহাট , 29 আগষ্টঃআজি ৰাজ্য জুৰি গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে৷যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলাতো আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ন আলি আৰু বেকাজান বৰহোলা সংযোগী পথ মেৰামতিৰ দাবীত বৰহোলা তিনি আলিৰ সমীপত অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে ।
তিতাবৰবাসীক বিজেপি চৰকাৰে অৱহেলা কৰিছেঃ অঃজাঃয়ুঃছাঃপ
বৰহোলাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ন আলি আৰু বেকাজান বৰহোলা সংযোগী পথ মেৰামতিৰ দাবীত বৰহোলা তিনি আলিৰ সমীপত অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে৷
তিতাবৰবাসীক বিজেপি চৰকাৰে অৱহেলা কৰিছেঃ অঃজাঃয়ুঃছাঃপ
প্ৰতিবাদকাৰী সকলৰ অভিযোগ অনুসৰি বৰহোলাৰ বিভিন্ন ঠাইৰ পথত দ দ গাঁতৰ সৃষ্টি হৈছে৷ সেই সমূহ পথত কোন ধৰণৰ নিৰ্মাণ কাৰ্য নোহোৱা বাবে পথ সমূহৰ লগত জড়িত গাঁওসমূহে 108 সেৱা লাভ নকৰে৷ ইয়াৰোপৰি অঃজাঃয়ুঃছাঃপৰিষদৰ নেতা সকলে এইকাৰ্যসূচীৰ যোগেদি তিতাবৰবাসীক বিজেপি চৰকাৰে অৱহেলা কৰি আহিছে বুলি দাবী উত্থাপন কৰে ।