যোৰহাট,২৫ জানুৱাৰী :বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । বহু সময়ত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাও দেখা যায় । এইবাৰ পুনৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP protest against NHIDCL)।
উল্লেখ্য যে ২০১৬ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত পশ্চিম যোৰহাটৰ খেলপথাৰতচাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হৈছিল । কিন্তু নিৰ্ধাৰিত সময় সীমা অতিক্ৰম কৰাৰ পাছতো যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ উন্নয়নৰ নামত এক প্ৰকাৰ ভেকোঁভাওনা কৰা অহাৰ অভিযোগ উঠিছে । বৰ্তমান সময়ত জৰাজীৰ্ণ হৈ পৰা পথটোৰে এতিয়া যাত্ৰা কৰাও বিপদসংকুল হৈ পৰিছে । আনকি যোৱা সময়তচোৱাত এই পথটোত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ।