যোৰহাট, ১১ ডিচেম্বৰ : ২০১৯ চনৰ আজি দিনটোতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিছিল । আইনখন গৃহীত হোৱাৰ পূৰ্বৰে পৰা আৰু পিছতো অসমত প্ৰতিবাদৰ জোৱাৰ উঠিছিল । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত গণ সত্যাগ্ৰহে অসমীয়াৰ মন জাতীয়তাবাদে জোকাৰি গৈছিল । জাতিৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল ৫ জনকৈ নিৰীহ লোকে । তথাপিও জাতিধ্বংসী আইনৰ বিৰোধিতা কৰিয়েই আছে অসমীয়া ৰাইজ আৰু জাতীয় সংগঠনসমূহে ।
'কা' বাতিলৰ দাবীত যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
ৰাজ্যত পুনৰ নাগৰিকত্ব বিৰোধী আন্দোলনৰ উকমুকনি । জাতিধ্বংসী আইনৰ বিৰোধিতাৰে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল । চৰকাৰ বিৰোধী শ্ল'গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সংগঠনটোৰ কৰ্মকৰ্তাই ।
'কা' বাতিলৰ দাবীত যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
আজি বিধেয়কখন গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি শ্বহীদৰ কেঁচা তেজ অথলে যাবলৈ নিদিয়াৰ সংকল্প ল'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট সমিতিয়ে । আজি সাহিত্য সভা কাৰ্যালয়ৰ সন্মুখৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৱে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।