যোৰহাট, ১২ জানুৱাৰী : ১৯৭১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ কাৰ্যকালত স্থাপন কৰা তথা প্ৰাক্তন শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাৰ সপোনৰ যোৰহাট বিজ্ঞান মহাবিদ্যালয়ে পৰৱৰ্তী সময়ত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰে । কিন্তু শিক্ষানুষ্ঠানখনৰ বৰ্তমানৰ অৱস্থাক লৈ অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।
শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তই ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানখনৰ বিজ্ঞান শাখাক ক্ৰমাৎ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে । কিয়নো অসমৰ দ্বিতীয়খন চৰকাৰী স্নাতক মহাবিদ্যালয়ে হেৰুৱাবলগা হৈছে পূৰ্বৰ গৰিমা । অসম চুক্তিৰ আৰ্হিত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ২০০৬ চনৰ ৩০ আগষ্ট ত উচ্চ শিক্ষা সঞ্চালকক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ নিৰ্দেশনা পঠাইছিল ।
সেই অনুসৰি ২০০৮ চনৰ ১৮ নৱেম্বৰত অসম চৰকাৰে যোৰহাট বিজ্ঞান মহাবিদ্যালয়ক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰে । তদুপৰি, প্ৰতিষ্ঠানখন পৰিচালনা কৰিবৰ বাবে অসম চৰকাৰে মুখ্য সচিবৰ নেতৃত্বত এখন ছ'চাইটী গঠন কৰি দিয়ে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হোৱাৰ পিছত দুটা নতুন পাঠ্যক্ৰম ETC আৰু PEI সংযোজন কৰাৰ লগতে ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান আৰু গণিত বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম খোলাৰ পিছত পিএইচডি পাঠ্যক্ৰম আৰম্ভ কৰা হয় ।
তদুপৰি, অভিযান্ত্ৰিক দুটা শাখা চিভিল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং আৰম্ভ হয় । কিন্তু পৰৱৰ্তী সময়ত সৃষ্টি হোৱা কেতবোৰ চৰকাৰী পক্ষৰ দুৰ্ভাগ্যজনক স্থিতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সংবাদমেলখনত ক্ষোভ প্ৰকাশ কৰে । ২০১৬ চনৰ ৩০ ডিচেম্বৰত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰি এই অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব জিষ্ট ছ'চাইটীৰ পৰা অসম চৰকাৰৰ উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ অধীনলৈ আনে আৰু এই অনুষ্ঠানক এখন পূৰ্ণাঙ্গ পৰ্যায়ৰ অভিযান্ত্ৰিক মহবিদ্যালয় হিচাপে ঘোষণা কৰে ।
কিন্তু নিৰ্দেশনাটোত স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি পাঠ্যক্ৰম থকা বিজ্ঞান বিষয়ৰ সম্পৰ্কত কোনো চিন্তা নকৰিলে । চৰকাৰে বিজ্ঞান শাখাৰ দায়িত্ব আজিলৈকে আনুষ্ঠানিকভাৱে গ্ৰহণ নকৰাৰ ফলত পঞ্চাছ বছৰ গৰকা ঐতিহ্যমণ্ডিত বিজ্ঞান শাখাটোক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি সাংবাদমেলত সংগঠনটোৱে অভিযোগ কৰে ।