অসম

assam

ETV Bharat / state

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত বিভাজনঃ বহিষ্কৃত সদস্যই গঠন কৰিলে নতুন সংগঠন - ৰিতুল পাঠক

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহিষ্কৃত একাংশ সদস্যৰ সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নামেৰে নতুন জাতীয় সংগঠনৰ ৰূপত আত্মপ্ৰকাশ ৷ প্ৰত্যুত্তৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ৷ সংগঠনৰ সংবিধান উলংঘা কৰাৰ অভিযোগত বহিষ্কৃত হৈছিল ৰিতুল পাঠক আৰু বিৰাজ কুমাৰ তালুকদাৰ ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত বিভাজনঃ বহিষ্কৃত সদস্যই গঠন কৰিলে নতুন সংগঠন

By

Published : Aug 26, 2019, 9:06 PM IST

যোৰহাট, 26 আগষ্টঃ একালৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহিষ্কৃত একাংশ সদস্যই আত্মপ্ৰকাশ কৰিলে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নামেৰে এটা নতুন জাতীয় সংগঠনৰ ৰূপত ৷ সোমবাৰে যোৰহাটৰ প্ৰেছ ক্লাৱত সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহিষ্কৃত সদস্য তথা নতুন সংগঠনটোৰ মুখ্য উপদেষ্টা দীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, সভাপতি বিৰাজ কুমাৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক ৰিতুল পাঠকে ৷ সংবাদমেলত তেওঁলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্প্ৰতি গেৰুৱা কৰণৰ দিশত গতি কৰিছে বুলি মন্তব্য কৰে ৷ তাৰ পৰিৱৰ্তে নতুনকৈ গঠন হোৱা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমত পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন,আন্ত:ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা আৰু অসমত দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনক মূল দাবী হিচাপে লৈ সংগ্ৰাম কৰি যাব ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবিধান অনুসৰি তেওঁলোকক অব্যাহতি দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত কি কাৰণত তেওঁলোকক বহিষ্কাৰ কৰিলে তাৰ কথা সংগঠনটোৱে প্ৰকাশ নকৰিলে বুলিও অভিযোগ উত্থাপন কৰে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত বিভাজনঃ বহিষ্কৃত সদস্যই গঠন কৰিলে নতুন সংগঠন

ইফালে বহিষ্কৃত সদস্য সকলে তথা একালৰ সতীৰ্থই নতুন সংগঠন গঠন কৰাক লৈ সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । বহিষ্কৃত এই সকল সদস্যৰ সংবাদমেলৰ পাছতেই যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে যোৰহাটৰ অসম সাহিত্য সভা ৰাধাকান্ত সন্দিকৈ ভৱনত সংবাদমেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত তেওঁলোকে জনাই যে,সংগঠনৰ সংবিধান উলংঘা কৰাৰ অপৰাধত সংগঠনৰ পৰা ইতিমধ্যে বহিষ্কৃত হোৱা যোৰহাটৰ ৰিতুল পাঠকে শেহতীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামত ছীল-মোহৰ,ৰচিদ বহী,পেড আদি ছপাই বে-আইনী ভাৱে দীৰ্ঘদিন পৰা ব্যৱহাৰ কৰি আহিছিল ৷ পাঠকৰ এনে দুষ্কাৰ্যৰ বাবে ইতিমধ্যে পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটীৰ চান্দমাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰ বৰ্তমানেও আদালতৰ মজিয়াত চলি আছে ৷ ইয়াৰোপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংবিধানিক শৃংখলা ভংগ,বিত্তীয় কেলেংকাৰী,চাকৰিৰ নামত ধন আত্মসাৎ আদি বিভিন্ন অপৰাধত জড়িত থকা বিৰাজ কুমাৰ তালুকদাৰ আৰু ৰিতুল পাঠকৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংক্ৰান্তীয় কোনোধৰণৰ সম্পৰ্ক নাৰাখিবলৈ আহ্বান জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই ৷

ABOUT THE AUTHOR

...view details