যোৰহাট, 22 জুন : অশান্ত জৰ্জৰ মণিপুৰ ৷ মণিপুৰত এতিয়াও শান্ত হোৱা নাই পৰিস্থিতি ৷ মণিপুৰ ঘটনাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে হস্তক্ষেপ নকৰাটো দুৰ্ভাগ্যজনক, সেয়েহে মণিপুৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
ধৰ্মঘটস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি পলাশ চাংমাইয়ে দাবী উত্থাপন কৰি কয় যে, আমি বৰ অসম বিশ্বাসী এটা সংগঠন ৷ যোৱা 3 মে’ৰ পৰা মণিপুৰত অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ মণিপুৰৰ আইন-শৃংখলা প্ৰৱৰ্তন কৰাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰ একেবাৰে বিফল হৈছে ৷ কেন্দ্ৰীয় চৰকাৰো ইয়াত সম্পূৰ্ণ বিফল হৈছে ৷ মণিপুৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিল , কিন্তু ৰাজ্যখনত শান্তিৰ পৰিস্থিতি ঘূৰাই আনিব নোৱাৰিলে ৷