যোৰহাট, 24 মে’:চৰকাৰীভাৱে হিতাধিকাৰীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে যদিও বহু সংখ্যক শ্ৰমিক বঞ্চিত হৈ আছে চৰকাৰী সাহাৰ্যৰ পৰা ৷ সেয়েহে দেওবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জে পি আৰ য়ুথ ক্লাৱে যোৰহাটত শ্ৰমিকসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷
যোৰহাটত শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ দল-সংগঠনৰ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জে পি আৰ য়ুথ ক্লাৱ
দেওবাৰে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জে পি আৰ য়ুথ ক্লাৱে শ্ৰমিকসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ চৰকাৰে হিতাধিকাৰীসকলক সাহাৰ্য আগবঢ়াইছে যদিও বহু সংখ্যক শ্ৰমিক বঞ্চিত হৈ আছে চৰকাৰী সাহাৰ্যৰ পৰা ৷ সেয়েহে এই সংগঠন দুটিয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷
যোৰহাটত শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
সামাজিক দূৰত্ব বজাই ৰাখি যোৰহাট ৰে’লৱে জংচনৰ কাষত প্ৰায় 500 জন শ্ৰমিকৰ মাজত খাদ্য, খোৱা পানী আৰু মাস্ক আদি বিতৰণ কৰে সংগঠন দুটাই ৷
লগতে পঢ়ক:লক ডাউন: ন-ৰূপত গুৱাহাটী মহানগৰী