তিতাবৰ, 23 এপ্ৰিল : তিতাবৰত গ্ৰেপ্তাৰ কৰা হৈছে অসম জাতীয় পৰিষদৰ এগৰাকী নেতা (AJP leader arrested at Titabar)ক ৷ নেতাগৰাকীয়ে তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতিক 5 লাখ টকা দাবী(AJP leader demanding money at Titabar) কৰা বুলি অভিযোগত উত্থাপিত হৈছে ৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ তিতাবৰ সমিতিৰ নেতা আমান হুছেইনক ৷
প্ৰাপ্ত তথ্য অনুসৰি, বিগত 16 এপ্ৰিলৰ দিনা তিতাবৰৰ এগৰাকী মহিলাক ফেচবুকৰ মেচেঞ্জাৰৰ জৰিয়তে কিছু আপত্তিজনক তথা অশ্লীল মেচেজ প্ৰেৰণ কৰিছিল তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি বিমান শইকীয়াই ৷ এই দাবী উত্থাপন কৰি এজেপিৰ নেতাগৰাকীয়ে বিমান শইকীয়াক ভয়-ভাবুকি দি দাবী কৰে নগদ 5 লাখ টকা ৷ বিষয় সন্দৰ্ভত শইকীয়া উপাধিৰ ব্যক্তিগৰাকীয়ে যোগাযোগ কৰে আৰক্ষীৰ সৈতে ৷
পৰৱৰ্তী সময়ত আৰক্ষীৰ পৰিকল্পনা অনুসৰি বিমান শইকীয়াই হুছেইনক যোগাযোগ কৰি দাবী কৰা ধনৰ পৰা এক লাখ টকা আগধন হিচাপে দিয়াৰ কথা ব্যক্ত কৰে ৷ দুয়ো গৰাকীৰে মাজত হোৱা কথোপকথনৰ অংশ হিচাপে শুকুৰবাৰে সন্ধিয়া দাবী কৰা ধন নিবলৈ আহে এজেপি নেতা আমান হুছেইন ৷
এনে অৱস্থাত পূৰ্বৰে পৰা তিতাবৰ চাৰিআলিত খাপ পিটি থকা আৰক্ষীয়ে হুছেইনক এগৰাকী সহযোগীৰ সৈতে হাতে-লোটে কৰায়ত্ত কৰে(AJP leader arrested for allegations of honey trapping) ৷ অৱশ্যে সহযোগী গৰাকীক উক্ত ঘটনাৰ সাক্ষীৰূপে ৰাখি উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত পিছলৈ যাবলৈ দিয়ে আৰক্ষীয়ে ৷