অসম

assam

ETV Bharat / state

টীয়কত অগপ-বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক - 102নং টীয়ক বিধানসভা সমষ্টি

মঙলবাৰে টীয়কৰ ফুডভিল্লাত অনুষ্ঠিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত মূলতঃ 102নং টীয়ক বিধানসভা সমষ্টিটো বিজেপিৰ 100+ মিচনত অংশীদাৰ হোৱাৰ ৰণনীতি প্ৰস্তুত কৰা হয় ৷ ইপিনে সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা, টীয়ক অগপৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় বিজেপিৰ মুখপাত্ৰ তথা জিলা প্ৰভাৰী সুৰঞ্জন দত্ত আৰু টীয়ক বিজেপিৰ দলীয় নেতৃত্ব ৷

ajp-bjp-meeting
টীয়কত অগপ-বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Mar 10, 2021, 7:18 AM IST

টীয়ক,10মাৰ্চ:মঙলবাৰে টীয়কৰ ফুডভিল্লাত অনুষ্ঠিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত মূলতঃ 102 নং টীয়ক বিধানসভা সমষ্টিটো বিজেপিৰ 100+ মিচনত অংশীদাৰ হোৱাৰ ৰণনীতি প্ৰস্তুত কৰা হয় ৷ ইপিনে সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা, টীয়ক অগপৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় বিজেপিৰ মুখপাত্ৰ তথা জিলা প্ৰভাৰী সুৰঞ্জন দত্ত আৰু টীয়ক বিজেপিক দলীয় নেতৃত্ব ৷

টীয়কত অগপ-বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

সংবাদ মাধ্যমৰ আগত বিজেপিৰ প্ৰতিটো স্তৰৰ কৰ্মকৰ্তাই অগপক মিত্ৰতাৰ ধৰ্ম পালন কৰি পূৰ্ণ সহযোগ আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৷ উল্লেখ্য যে, অগপ বিজেপিৰ মাজত নিৰ্বাচনকেন্দ্ৰিক চুক্তি হোৱা বুলি সৰ্বত্তে চৰ্চিত হৈছিল যদিও ইয়াত কেৱল আন্তৰিকতা বা ৰণনীতিৰহে আলোচনা হৈছে বুলি জানিবলৈ দিছে বিজেপিৰ প্ৰভাৰীগৰাকীয়ে ৷ তদুপৰি অগপ-বিজেপিৰ মাজত কোনোধৰণৰ বিসম্বাদ নাই বুলিও স্পষ্ট কৰে দলীয় নেতৃত্বই ৷

লগতে পঢ়কঃপাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে !

ABOUT THE AUTHOR

...view details