অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচন: মৰিয়নীত নিৰ্বাচনী ৰণডংকা বজালে বিত্তমন্ত্ৰীয়ে - ajanta neog visits mariani

মৰিয়নীত শুকুৰবাৰে উপস্থিত হৈ উপ-নিৰ্বাচন (By Election)ৰ নিৰ্বাচনী ৰণডংকা বজায় বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) ৷ ইয়াৰ লগতে চৰকাৰী কাৰ্যসূচী আৰু বহুকেইটা দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷

ajanta neog at mariani
মৰিয়নীত বিত্তমন্ত্ৰী

By

Published : Jul 30, 2021, 7:45 PM IST

যোৰহাট, 30 জুলাই :শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নীত উপস্থিতত হৈ চৰকাৰী কাৰ্যসূচীৰ লগতে কেইবাটাও দলীয় কাৰ্যসূচীত ভাগ লয় ৰাজ্যিক বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) ৷ উপ-নিৰ্বাচন (By Election)ৰ পূৰ্বে বিধানসভা সমষ্টিটোত নিৰ্বাচনী ৰণডংকা বজায় বিত্তমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে তেওঁ প্ৰায় 8 বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰা লোক নিৰ্মাণ বিভাগ, টীয়ক আৰু মৰিয়নী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত এনুৱেল প্লেন আঁচনি (Annual Plane Scheme)ৰ দ্বাৰা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা পৰিদৰ্শন ভৱন মুকলি কৰে ।

মৰিয়নীত বিত্তমন্ত্ৰী

মৰিয়নীৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে(Rupjyoti Kurmi) কংগ্ৰেছ (Congress) দলৰ লগতে বিধায়ক (MLA) পদত্যাগ কৰাৰ পাচত মৰিয়নী বিধানসভা সমষ্টি (Mariani Constituency)ত উপ-নিৰ্বাচন অৱশ্যম্ভাৱী হৈ পৰিছে । উপ-নিৰ্বাচনলৈ বৰ্তমানেও সময় আছে যদিও ৰাজনৈতিক দলসমূহৰ মাজত এতিয়াৰে পৰা তৎপৰতা পৰিলক্ষিত হৈছে । পিছ পৰি থকা নাই শাসনাধিষ্ঠ দল বিজেপি (BJP)ও । সমষ্টিটোৰ সাংগঠানিক ভেটি অধিক শক্তিশালী কৰিবলৈ নামি পৰিছে দলীয় নেতৃত্ব । ইজনৰ পাচত সিজন মন্ত্ৰীৰ আগমন ঘটিছে মৰিয়নীলৈ ।

লগতে পঢ়ক :ৰাজ্যত ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব: ৰণজিৎ কুমাৰ দাস

বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা বিজেপিয়ে আসনখন নিব নোৱাৰিলেও ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পাচতেই আসনখনক লৈ আশাবাদী হৈ পৰিছে বিজেপি দল ।

2016 আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত দুবাৰকৈ ধৰাশায়ী হোৱা বিজেপিয়ে এইবাৰ কোনো সুযোগ এৰি দিব খোজা নাই । যিকোনো প্ৰকাৰে হ’লেও মৰিয়নীৰ আসনখন বিজেপিক লাগিবই । ইতিমধ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বই মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika) আৰু সঞ্জয় কিষাণ (Sanjoy Kishan)ৰ নেতৃত্বত এখন নিৰ্বাচনী সমিতি গঠন কৰি কাম-কাজ চলাই যাবলৈ নিৰ্দেশ দিছে । সেইমতে কৌশলগতভাৱে নিৰ্বাচনৰ কামত নামি পৰিছে বিজেপি ৷

লগতে পঢ়ক :মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মীৰ স্থিতিক কোনেও ওফৰাব নোৱাৰে : পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details