অসম

assam

ETV Bharat / state

Pollution in Teok : ধূলিৰ ধুমুহাত বিধ্বস্ত টীয়কবাসী, আক্ৰান্ত বিভিন্ন ৰোগত - worst air condition in Teok Jorhat

টীয়কৰ ৰাজপথত এতিয়া ধূলিৰ ধুমুহা (dust storm in Teok) । অস্বাস্থ্যকৰ পৰিবেশত দিন পাৰ কৰিছে নগৰবাসীয়ে । বহুসংখ্যক লোক জ্বৰ, কাহকে ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ।

Teok
Teok

By

Published : Mar 8, 2023, 4:27 PM IST

ধূলিৰ ধুমুহাত বিধ্বস্ত টীয়কবাসী, আক্ৰান্ত বিভিন্ন ৰোগত

টীয়ক, ৮ মাৰ্চ : টীয়ক নগৰলৈ আহিবলৈ এতিয়া ভয় খাইছে সাধাৰণ ৰাইজে । কাৰণ টীয়কৰ ৰাজপথত ফাগুনৰ পছোৱাৰ ঠাইত বলিছে ধূলিৰ ধুমুহা (dust storm in Teok highway) । হয়, নিৰ্মাণৰত অৱস্থাত থকা চাৰিলে'নযুক্ত পথে ইতিমধ্য বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাইছে ৰাইজক । এতিয়া ফাগুন মাহ । এই ফাগুন মাহ এতিয়া টীয়কবাসীৰ বাবে অভিশাপত পৰিণত হৈছে । ফাগুনৰ বতাহে সকলোকে উন্মনা কৰাৰ সময়ত কিন্তু ফাগুনৰ পছোৱা এতিয়া কাললৈ পৰিৱৰ্তন হৈছে টীয়কবাসীৰ বাবে (air pollution in Teok) ।

কিয়নো বতাহৰ ফলত বিশেষকৈ চাৰিলে'নযুক্ত পথ নিৰ্মাণৰ বাবে ব্যৱহৃত শিল, বালি, পলসৰ ধূলিয়ে এতিয়া পৰিবেশ ধূলিময় কৰি তুলিছে । যাৰ ফলত পথাচাৰীসকল বাৰুকৈয়ে অসুবিধাত পৰিছে । বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা মটৰচাইকেল, স্কুটী আৰোহীসকলে পথছোৱাৰ ওপৰেদি অহা-যোৱা কৰোঁতে ধূলিৰ মাজেৰেই আহিবলগীয়া হৈছে । মুঠতে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ধূলিৰ ধুমুহা, ধুৱলী-কুঁৱলী পৰিৱেশ (worst air condition in Teok Jorhat) । যাৰ ফলত বহুসংখ্যক লোক এতিয়া জ্বৰ, কাহকে ধৰি শ্বাস-প্ৰশ্বাস আদি ৰোগত আক্ৰান্ত হৈছে । বিশেষকৈ শিশুসকল এই কদৰ্যময় পৰিবেশৰ চিকাৰ হৈছে ।

দৈনিক বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । চৰকাৰী চিকিৎসালয়ৰ সমান্তৰালকৈ ব্যক্তিগত চিকিৎসা কক্ষসমূহত এতিয়া ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে । এয়া টীয়ক এফ আৰ ইউ আৰু ব্যক্তিগত চিকিৎসকৰ কক্ষৰ দৃশ্য (Teok people affected from dust storm) । হাতে হাতে তথা কোলাত কণ কণ শিশুসকলক লৈ অভিভাৱকসকল চিকিৎসাৰ বাবে অপেক্ষাৰত । এই ক্ষেত্ৰত টীয়ক এফ আৰ ইউৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ইপিনে উন্নয়নৰ ক্ষেত্ৰত কাৰো দ্বিমত তথা বাধা দিয়াৰ প্ৰশ্ন নুঠে যদিও কিন্তু এইদৰে প্ৰতিদিনে উন্নয়নৰ নামত ধূলিময় পৰিবেশ তথা অস্বাস্থ্যকৰ পৰিবেশত থাকিবলগীয়া হ'লে বায়ু প্ৰদূষণৰ ফলত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব । যাৰ ফল সাধাৰণ জনতায়েই বেছিকৈ ভোগ কৰিব বুলি অনুভৱ কৰি এই ক্ষেত্ৰত কাম কৰাৰ সমান্তৰালকৈ চাৰিলে'নযুক্ত পথ সম্প্ৰসাৰণত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠান তথা জিলা প্ৰশাসনক অন্তত কাম চলি থকা অঞ্চলসমূহত পানী ছটিওৱাৰ ব্যৱস্থা তথা স্বাস্থ্য বিভাগেও এই পৰিবেশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলাৰ মুৰব্বী বিষয়াৰ সৈতে আলোচনা কৰি এক সুস্থিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জননাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিকে । ইপিনে এই ক্ষেত্ৰত এই পৰ্যন্ত নিমাত টীয়ক পৌৰসভা । পৌৰসভাই কেৱল নগৰখনৰ উন্নয়নৰ নামত কৰ-কাটল বৃদ্ধি কৰাতে ব্যস্ত হৈ থাকিব নে নগৰবাসীক এই কদৰ্য পৰিবেশৰ পৰা পৰিত্ৰাণৰ কিবা ব্যৱস্থা কৰিব সেই প্ৰশ্ন এতিয়া নগৰবাসীৰ মুখে মুখে উত্থাপন হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :Holi 2023: হোলীৰ ৰঙে জীৱ-জন্তুৰ বাবে মাতিব পাৰে এইসমূহ বিপদ

ABOUT THE AUTHOR

...view details